লেখক: জীৱন বৰা, ব্ৰজেন বৰুৱা
প্ৰযোজক: মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিঃ
চিত্ৰগ্ৰহণ: নলিন দুৱৰা
সংগীত: ৰমেন বৰুৱা
আভিনয়ত: ব্ৰজেন বৰুৱা, প্ৰশান্ত হাজৰিকা, মীনা দাস, অনুৰাধা দেৱী, মঞ্জুলা শইকীয়া (বৰুৱা), পৰমেন্দ্ৰ ভূঞা, পৰেশ বৰা, বিজু ফুকন আদি।
চিত্ৰগৃহলৈ: ১৯৭২
কাহিনী:
ঊনৈশ শতিকাৰ শেহৰ পিনে ভাৰতত সমবায় আন্দোলনে গতি লৈছিল। কাৰণ দুটা-- অৰ্থনৈতিক সংকট, অশান্ত অৱস্থা। এই বিষয়-বস্তুৰে "ওপজা সোণৰ মাটি" চিনেমা খনৰ কাহিনীক গতি দিছিল। ৰূপালী গল্পটোৰ পটভূমি চহৰৰ পৰা বহু আঁতৰৰ এখন গাওঁ-- কদমণি। কাহিনীৰ মূল বিন্দু-- হেমন্ত শইকীয়া, সেই গাঁৱৰে এজন শিক্ষিত নিবনুৱা যুৱক। কাহিনীলৈ আহে দুটা চৰিত্ৰ-- শিৱৰাম কাকতি আৰু তেওঁৰ জীয়েক পূৰ্ণিমা। এই দুই চৰিত্ৰই হেমন্তক নিজৰ মাটিত খেটি-বাতি কৰিবলৈ পৰামৰ্শ দিয়ে। হেমন্তই তাকেই কৰিলে, বৈজ্ঞানিক পদ্ধতিৰে সমবায় ভিত্তিত খেতি কৰাত মন দিলে। গাঁওৰ কেইজনমান যুৱকক লৈ খেতিৰ কামত আগবাঢ়িল। এটা ৰাষ্ট্ৰীয়কৃত বেংকলৈ গৈ ঋণৰ বাবে আবেদন কৰিলে। এই কথা ভাল নাপালে গাঁৱৰে সুদখোৰ মহাজন উমাৰামে। উচ্চহাৰৰ সুদত মাটি বন্ধকী লৈ গাঁওৰ মানুহক শোসন কৰি থকা উমাৰামে ভয় খালে-- বেংকৰ পৰা যদি গাৱবাসীয়ে ঋণ ল’বলৈ আৰম্ভ কৰে তেওঁৰ ওচৰলৈ আৰু কোন আহিব!
--আনহাতে হেমন্ত-পূৰ্ণিমাৰ প্ৰেম কাহিনী আগবাঢ়ে। হেমন্ত-পূৰ্ণিমাৰ ভাল পোৱাও উমাৰামে সহজভাবে ল’ব পৰা নাছিল।
--হেমন্তৰ দেউতাকে উমাৰামৰ ওচৰত মাটি বন্ধকী থৈছিল। সেই মাটিত কাৰখানা খুলিবলৈ উমাৰামে চহৰৰ এজন চহকী মানুহ নিৰ্মল হাজৰিকাক টানি ধৰে। হাজৰিকা মান্তি হয়, বিপৰীতে হাজৰিকাৰ পুত্ৰ পঙ্কজ আৰু জীয়েক অৰ্পণা ঠিয় হয়। পঙ্কজ হেমন্তৰ পুৰণি বন্ধু। অৰ্পণাৰ হেমন্তৰ প্ৰতি মনতে মৰম ভাব আছে। হাজৰিকাই পুত্ৰ পঙ্কজক ঘৰৰ পৰা বাহিৰ কৰি দিলে। পঙ্কজ গৈ এখন ট্ৰেক্টৰ লৈ হেমন্তৰ ওচৰ পালে।
আনহাতে জীয়েক অৰ্পণাই হাজৰিকাৰ কাৰখানা খোলাৰ বাটত বাধা হৈ ঠিয় হৈ থাকিল। আৰু এদিন হাজৰিকাই অনুভৱ কৰিলে কাৰখানা নিৰ্মাণৰ সিদ্ধান্ত শুদ্ধ নহয়। আৰু নিজৰ ভুল উপলব্ধি কৰাৰ পাছত কদমণিলৈ গ’ল, পুত্ৰৰ ওচৰলৈ। গৈ দুখৰ মুখা-মুখী হ'ল, পুত্ৰ পংকজৰ মৃত্যু দেখিলে।
কাহীনী ৰেখাৰ শেষ বিন্দুত-- হাজৰিকাই সেউজ বিপ্লৱ্ৰৰ লক্ষ্যৰে গঠিত হেমন্ত হতৰ কৃষি সমবায় সমিতিৰ সৈতে জড়িত হ'ল।
অভিনয়, কাহিনীৰ গতি:
প্ৰতিটো চৰিত্ৰ বাস্তৱিক আভিনয়ৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ৰ লগতে কাহিনীয়ে দৰ্শকক চুব পাৰিছিল। কিন্তু কাহিনীৰ গতি মন্থৰ আছিল।
সংগীত:
কাহিনীৰ গতিত চিনেমা খনত তিনিটা গীত ব্যৱহাৰ কৰিছে। গীত তিনিটা-- "কাকিনী তামোলৰ পাত লৰে-চৰে..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া), "এই ভালপোৱা যদি হয় ভৰা নদী..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া, দীপেন বৰুৱা), "অ’ আঘোণৰে আলফুলী বতাহচাটি..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া, দীপেন বৰুৱা, ৰমেন বৰুৱা, নীলিমা খাতুন আদি)। ৰমেন বৰুৱাৰ সুৰ ৰচনা কৰা গীত আৰু আৱহ সংগীত চিনেমা খনৰ সৌন্দৰ্য।
শেষত:
চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহিছে, শ্ৰেষ্ঠ আঞ্চলিক চিনেমা শিতানত। ১৯৭২ চনত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন