লাহে লাহে দিবা পাৱ
আজিহে নন্দ ঘৰে যাওঁ...'
৪০ৰ দশকৰ কামৰূপী লোকগীত। এই গীতটোৰ বাবেই আজিৰ তাৰিখতো চৰ্চাৰ বিষয় যোগেশ চন্দ্র ভৰালী। কামৰূপী লোক-সংগীতৰ ওজা ভৰালীয়ে গোৱা এই গীতটোৰ 'সুৰ' সেই সময়তে হিন্দী চিনেমা 'মাদাৰ ইণ্ডিয়া'ত ব্যৱহাৰ কৰিছিল নৌশাদে-- 'দুখ ভৰে দিন বিতেৰে ভায়া অৰ সুখ আয়োৰে...'ত। এই 'দোষ'ৰ বাবে চিনেমাৰ প্ৰযোজক পক্ষই ক্ষমা বিচাৰি পত্ৰ দিছিল।
১৯১০ চনৰ ২৭ আগষ্টত বৰপেটাৰ কুমাৰহাটীত জন্মগ্রহণ কৰা যোগেশ চন্দ্ৰ ভৰালী বৰপেটাত পৰম্পৰাগতভাৱে মৃৎশিল্পৰ মাজত শৈশৱৰ দিন আগবঢ়াই নিছিল। মৃৎশিল্প কৰ্মৰ লগতে শিল্পী গৰাকীৰ পিতৃয়ে বিংশ শতিকাৰ আৰম্ভণিতে বৰপেটাত বিবাহ অনুষ্ঠান উপলক্ষে ৰীতি-নীতিৰে অনুষ্ঠিত হোৱা ‘বৈঠকী’ৰ সংগীতৰ দলত অংশ লৈছিল। বৈঠকীত শুনা থলুৱা লোক-সংগীতৰ সুৰে আকৰ্ষণ কৰিছিল আৰু সংগীতৰ মাজত সোমাই পৰিছিল যোগেশ চন্দ্ৰ ভৰালী নামৰ কিশোৰ গৰাকী। আৰু গাবলৈ আৰম্ভ কৰিছিল। ডোতৰা, একতাৰা, খুঞ্জুৰী, ধুলুক আদিও বজাইছিল। --এনেদৰেই সংগীত যাত্ৰা আৰম্ভ হৈছিল। সময়ত বৰপেটাৰ খৰ্গেশ্বৰ বায়নৰ ওচৰত শিক্ষা লৈ সংগীতৰ বহল পৃথিৱীখনত খোজ দিছিল। সাহস দিছিল বিষ্ণুপ্ৰসাদ ৰাভা, শচীন দেৱবৰ্মন আদিয়ে।
--এই খিনিতে উল্লেখ কৰিব পাৰি যে সেই সময়ত বৰপেটা জল পৰিবহণৰ দ্বাৰা পূব-বংগৰ সৈতে সংযুক্ত আছিল। ব্যৱসায় চলিছিল, সেই বাটে। ব্যৱসায়ৰ লগতে সংস্কৃতিৰো আদান-প্ৰদান হৈছিল। আৰু বৰপেটাৰ চহকী পৰম্পৰাগত সংগীতে বংগক চুইছিল। এয়া আছিল যোগেশ চন্দ্ৰ ভৰালীৰ 'সংগীত কেৰিয়াৰ'ৰ বাবে ইতিবাচক দিশ। এই 'ইতিবাচক বাটে' গৈ ১৯৩৫ চনত সংগীত শিল্পীগৰাকীয়ে বলীউডৰ বিখ্যাত সংগীত পৰিচালক এছ ডি বৰ্মনৰ লগত ভাটিয়ালি গীতত দোতাঁৰা সংগত কৰিছিল। তাৰ পাছতেই কলকাতাৰ মেগা ফোন কোম্পানীৰ পৰিচালক ভীষ্মদেৱ চেটার্জীয়ে 'দেহাৰ ভৰসা নাই...' গীতটো বাণীবদ্ধ কৰাইছিল। এইটোৱে আছিল শিল্পীগৰাকীৰ বাণীবদ্ধ হোৱা প্ৰথম গীত। ইয়াৰ পিছতে বাণীবদ্ধ হয় 'ঘন বাৰিষাৰ...', 'টৌ দেখি হালি পৰে...', 'ভৰ দুপৰ বেলায় মোৰ পৰিল ৰান্ধনৰ পাল...', 'মেঘে কৰি অন্ধকাৰ... কে ধৰি ভালেমান গীত। কামৰূপী লোকগীত, লোকগীতৰ সুৰক উৰ্বৰ কৰা এইগৰাকী শিল্পীৰ মৃত্যু হয় ১৯৮৯।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন