সরাসরি প্রধান সামগ্রীতে চলে যান

সংগীতৰ মানুহ/৪

১৮৯০। সেই সময়ত সংগীত চর্চাৰ বিশেষ ঠাই আছিল ধুবুৰী। গৌৰীপুৰৰ জমিদাৰ, সংগীতজ্ঞ প্রভাত চন্দ্র বৰুৱাই সংগীতৰ এক সুন্দৰ পৰিবেশ গঢ়ি তুলিছিল। লক্ষ্মীৰাম বৰুৱাই সেই সময়ছোৱাতে উচ্চাংগ সংগীত চর্চা আৰম্ভ কৰিছিল প্রভাত চন্দ্র বৰুৱাৰ সান্নিধ্যতে। সেই সময়ছোৱাত বংগদেশ, বাৰাণসী, লক্ষ্ণৌ, এলাহাবাদ আদিৰ পৰা প্রসিদ্ধ ওস্তাদসকল গৌৰীপুৰলৈ আহিছিল প্রভাত চন্দ্র বৰুৱাৰ নিমন্ত্রণ ক্রমে। জমিদাৰগৰাকীৰ উদ্দেশ্য আছিল দেশৰ সংগীত চর্চাৰ সৈতে ৰাজ্যৰ সংগীত ৰসিকক পৰিচয় কৰোৱা আৰু অসমীয়া সংগীতৰ বুনিয়াদ নির্মাণ কৰা। স্বাভাৱিকতে লক্ষ্মীৰাম বৰুৱাই বিভিন্ন ঠাইৰ পৰা অহা ওস্তাদসকলৰ লগত শাস্ত্রীয় সংগীত, ৰাগ-ৰাগিনী, সংগীতৰ উত্থান-পতনৰ লগতে সংগীতৰ ধৰ্মৰ বিষয়ে মত বিনিময় কৰি অসমীয়া সংগীতৰ বুনিয়াদ ৰচনাৰ চেষ্টা চলাইছিল। সংগীতকাৰগৰাকীয়ে জমিদাৰ প্ৰভাত চন্দ্র বৰুৱাৰ সৈতে আলোচনা কৰি অসমীয়া সংগীতৰ এক নিজা ধাৰাৰ সৃষ্টিত মন দিছিল। সেই সময়ছোৱাত ধুবুৰীৰ লগতে অসমৰ অন্যান্য অঞ্চলতো বংগৰ সংগীতক, বংগৰ গীতৰ অসমীয়া ৰূপ গোৱাত ব্যস্ত হৈ পৰিছিল, আৰু ইয়াৰ বিপৰীতে লক্ষ্মীৰাম বৰুৱাই খাতি অসমীয়া গীত ৰচনাৰ কথা চিন্তা কৰিছিল। সংগীতকাৰগৰাকীয়ে 'সংগীত শিক্ষা আৰু সোপন', 'বেহেলা শিক্ষা', 'হাৰমণিয়াম শিক্ষা', 'তবলা শিক্ষা', 'চেতাৰ শিক্ষা' আদিৰ লগতে ৪২২টা গীতৰ সংকলন 'সংগীত কোষ' ৰচনা কৰি অসমীয়া সংগীতৰ নিজা বাট নির্মাণ কৰিছিল। সংগীতকাৰ গৰাকীয়ে লিখিছিল মই যে সংগীত বিষয়ৰ এজন পকা পণ্ডিত হৈ উঠিছো এনে যেন কোনেও নাভাবে। মোৰ শিকিবলৈ এতিয়াও বহু বাকী আছে। সংগীত বিদ্যা অপাৰ সাগৰৰ দৰে। ইয়াৰ সম্পূৰ্ণ শিক্ষা মোৰ দৰে দুখীয়া জীৱৰ পক্ষে নিতান্ত অসম্ভৱ। মই মাথো বাটতোহে মুকলি কৰি দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মাজত নিশ্চয় ঢেৰ সংগীতজ্ঞ ওলাব। তেওঁলোকে এই বাটেৰে যদি যায় মোৰ সামান্য পৰিশ্রম সার্থক হ'ব।' সন্দেহ নৰখাকৈ ক'ব পাৰি সংগীতাচার্য লক্ষ্মীৰাম বৰুৱাই মুকলি কৰা সেই সংগীতৰ বাটেৰেই পৰৱৰ্তী সময়ত অসমীয়া সংগীতৰ ধাৰা আগুৱাই নিয়া হৈছিল। সংগীতাচাৰ্যৰ পিছৰ সময়ছোৱাত দুই পুত্র প্রফুল্ল চন্দ্র বৰুৱা, পৰশুৰাম বৰুৱা (ফুনু বৰুৱা) ই অসমীয়া সংগীতৰ এই ধাৰা আগুৱাই নিছিল। অৱশ্যে কিছু বাট আগবাঢ়ি ফুনু বৰুৱাই অভিনয়তহে বেছি সময় খৰচ কৰিছিল। এইখিনিতে অৱশ্যেই উল্লেখ কৰি থব পাৰি এইগৰাকী ফুনু বৰুৱাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগ হৈ অসমীয়া চিনেমাৰ বুনিয়াদ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিছিল, আৰু পৰৱৰ্তী সময়ত প্রথমখন অসমীয়া চিনেমা 'জয়মতী'ত গদাপানিৰ চৰিত্ৰত অভিনয় কৰিছিল। প্ৰফুল্ল চন্দ্র বৰুৱাও আছিল নাট্যৰসিক। ভালেমান নাটকত অভিনয় কৰাৰ লগতে মঞ্চৰ আঁৰত থাকিও কাম কৰিছিল। কিন্তু সংগীত চৰ্চাৰ পৰা আঁতৰি অহা নাছিল। সংগীত চর্চাৰ মাজত থাকিয়ে নাটক, সমাজ আৰু ৰাজনীতিৰ কামত নিজকে ব্যস্ত ৰাখিছিল। প্রফুল্ল চন্দ্র বৰুৱাই লিখিছিল 'সংগীত হয়তো মোৰ তেজত আছে। ৰাজনীতিলৈ গৈছো, মনতে ভাবিছো ৰাজনীতিয়ে কৰিম, নাই, সংগীতে মোক নেৰে। ব্যবসায় কৰিছো, ব্যৱসায়ৰ ব্যস্ততাৰ মাজতো সংগীতে মনত আমনি দি থাকে। সংগীত চৰ্চাৰ পিছতহে অস্থিৰ মনতো স্থিৰ হয়। সেয়ে মই মনতে ভাবিলো সকলো কাম কৰিম, সকলো কামৰ মাজতে সংগীতো কৰি যাম। এবাৰ অসমৰ বাহিৰৰ বন্ধু এগৰাকীয়ে মোক সুধিছিল-- আপুনি ব্যৱসায় কিয় কবে? এই প্রশ্ন কিয় কৰা হৈছিল মই বুজিছিলোঁ। মই ৰাজনীতি কৰা মানুহ, সমাজৰ কাম কৰা মানুহ। বহুতৰে ধাৰণা ৰাজনীতি কৰি সমাজৰ কাম কৰিব অহাসকলৰ অৰ্থৰ আকাল নাই।... মই সেই প্রশ্নৰ উত্তৰ কি দিম ভাবি থাকোতেই মনৰ পৰা ওলাই আহিছিল-- সংগীত চর্চা কৰাৰ বাবেই মই ব্যৱসায় কৰোঁ। সংগীত চর্চাই পেট নভৰায় কিন্তু মন ভৰায়। মন নভৰিলে মই কেনেকৈ জীয়াই থাকিম! 'মন'হে মানুহ এজনক জীয়াই ৰাখে। মই তেনেদৰেই ভাবো। কিন্তু শৰীৰটো ঠিয় হৈ থাকিবলৈ, শৰীৰটোত জীৱ থাকিবলৈ পেট ভৰিব নালাগিব জানো! পেট ভৰাৰ বাবেই মই ব্যৱসায় কৰোঁ। মই বাজনীতিও কৰোঁ, ৰাজনীতি কিন্তু মোৰ পেছা নহয়। সংগীতৰ দৰে বাজনীতিয়েও মোক নুখুৱায়। মই বাজনীতি কৰিছোঁ সমাজৰ কল্যাণৰ বাবে কাম কৰিম বুলি...। বুজিছে নহয়! মই নিজকে জীয়াই ৰখাৰ বাবে সংগীতৰ কাম কৰোঁ। আৰু নিজকে জীয়াই ৰখাৰ ইচ্ছা সমাজৰ কাম কৰাৰ বাবে।...' (উৎস: কৰ্মযোগী প্ৰফুল্ল বৰুৱা/ ক্রমশঃ)


মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...