সরাসরি প্রধান সামগ্রীতে চলে যান

সংগীতৰ মানুহ/৪

১৮৯০। সেই সময়ত সংগীত চর্চাৰ বিশেষ ঠাই আছিল ধুবুৰী। গৌৰীপুৰৰ জমিদাৰ, সংগীতজ্ঞ প্রভাত চন্দ্র বৰুৱাই সংগীতৰ এক সুন্দৰ পৰিবেশ গঢ়ি তুলিছিল। লক্ষ্মীৰাম বৰুৱাই সেই সময়ছোৱাতে উচ্চাংগ সংগীত চর্চা আৰম্ভ কৰিছিল প্রভাত চন্দ্র বৰুৱাৰ সান্নিধ্যতে। সেই সময়ছোৱাত বংগদেশ, বাৰাণসী, লক্ষ্ণৌ, এলাহাবাদ আদিৰ পৰা প্রসিদ্ধ ওস্তাদসকল গৌৰীপুৰলৈ আহিছিল প্রভাত চন্দ্র বৰুৱাৰ নিমন্ত্রণ ক্রমে। জমিদাৰগৰাকীৰ উদ্দেশ্য আছিল দেশৰ সংগীত চর্চাৰ সৈতে ৰাজ্যৰ সংগীত ৰসিকক পৰিচয় কৰোৱা আৰু অসমীয়া সংগীতৰ বুনিয়াদ নির্মাণ কৰা। স্বাভাৱিকতে লক্ষ্মীৰাম বৰুৱাই বিভিন্ন ঠাইৰ পৰা অহা ওস্তাদসকলৰ লগত শাস্ত্রীয় সংগীত, ৰাগ-ৰাগিনী, সংগীতৰ উত্থান-পতনৰ লগতে সংগীতৰ ধৰ্মৰ বিষয়ে মত বিনিময় কৰি অসমীয়া সংগীতৰ বুনিয়াদ ৰচনাৰ চেষ্টা চলাইছিল। সংগীতকাৰগৰাকীয়ে জমিদাৰ প্ৰভাত চন্দ্র বৰুৱাৰ সৈতে আলোচনা কৰি অসমীয়া সংগীতৰ এক নিজা ধাৰাৰ সৃষ্টিত মন দিছিল। সেই সময়ছোৱাত ধুবুৰীৰ লগতে অসমৰ অন্যান্য অঞ্চলতো বংগৰ সংগীতক, বংগৰ গীতৰ অসমীয়া ৰূপ গোৱাত ব্যস্ত হৈ পৰিছিল, আৰু ইয়াৰ বিপৰীতে লক্ষ্মীৰাম বৰুৱাই খাতি অসমীয়া গীত ৰচনাৰ কথা চিন্তা কৰিছিল। সংগীতকাৰগৰাকীয়ে 'সংগীত শিক্ষা আৰু সোপন', 'বেহেলা শিক্ষা', 'হাৰমণিয়াম শিক্ষা', 'তবলা শিক্ষা', 'চেতাৰ শিক্ষা' আদিৰ লগতে ৪২২টা গীতৰ সংকলন 'সংগীত কোষ' ৰচনা কৰি অসমীয়া সংগীতৰ নিজা বাট নির্মাণ কৰিছিল। সংগীতকাৰ গৰাকীয়ে লিখিছিল মই যে সংগীত বিষয়ৰ এজন পকা পণ্ডিত হৈ উঠিছো এনে যেন কোনেও নাভাবে। মোৰ শিকিবলৈ এতিয়াও বহু বাকী আছে। সংগীত বিদ্যা অপাৰ সাগৰৰ দৰে। ইয়াৰ সম্পূৰ্ণ শিক্ষা মোৰ দৰে দুখীয়া জীৱৰ পক্ষে নিতান্ত অসম্ভৱ। মই মাথো বাটতোহে মুকলি কৰি দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মাজত নিশ্চয় ঢেৰ সংগীতজ্ঞ ওলাব। তেওঁলোকে এই বাটেৰে যদি যায় মোৰ সামান্য পৰিশ্রম সার্থক হ'ব।' সন্দেহ নৰখাকৈ ক'ব পাৰি সংগীতাচার্য লক্ষ্মীৰাম বৰুৱাই মুকলি কৰা সেই সংগীতৰ বাটেৰেই পৰৱৰ্তী সময়ত অসমীয়া সংগীতৰ ধাৰা আগুৱাই নিয়া হৈছিল। সংগীতাচাৰ্যৰ পিছৰ সময়ছোৱাত দুই পুত্র প্রফুল্ল চন্দ্র বৰুৱা, পৰশুৰাম বৰুৱা (ফুনু বৰুৱা) ই অসমীয়া সংগীতৰ এই ধাৰা আগুৱাই নিছিল। অৱশ্যে কিছু বাট আগবাঢ়ি ফুনু বৰুৱাই অভিনয়তহে বেছি সময় খৰচ কৰিছিল। এইখিনিতে অৱশ্যেই উল্লেখ কৰি থব পাৰি এইগৰাকী ফুনু বৰুৱাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগ হৈ অসমীয়া চিনেমাৰ বুনিয়াদ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিছিল, আৰু পৰৱৰ্তী সময়ত প্রথমখন অসমীয়া চিনেমা 'জয়মতী'ত গদাপানিৰ চৰিত্ৰত অভিনয় কৰিছিল। প্ৰফুল্ল চন্দ্র বৰুৱাও আছিল নাট্যৰসিক। ভালেমান নাটকত অভিনয় কৰাৰ লগতে মঞ্চৰ আঁৰত থাকিও কাম কৰিছিল। কিন্তু সংগীত চৰ্চাৰ পৰা আঁতৰি অহা নাছিল। সংগীত চর্চাৰ মাজত থাকিয়ে নাটক, সমাজ আৰু ৰাজনীতিৰ কামত নিজকে ব্যস্ত ৰাখিছিল। প্রফুল্ল চন্দ্র বৰুৱাই লিখিছিল 'সংগীত হয়তো মোৰ তেজত আছে। ৰাজনীতিলৈ গৈছো, মনতে ভাবিছো ৰাজনীতিয়ে কৰিম, নাই, সংগীতে মোক নেৰে। ব্যবসায় কৰিছো, ব্যৱসায়ৰ ব্যস্ততাৰ মাজতো সংগীতে মনত আমনি দি থাকে। সংগীত চৰ্চাৰ পিছতহে অস্থিৰ মনতো স্থিৰ হয়। সেয়ে মই মনতে ভাবিলো সকলো কাম কৰিম, সকলো কামৰ মাজতে সংগীতো কৰি যাম। এবাৰ অসমৰ বাহিৰৰ বন্ধু এগৰাকীয়ে মোক সুধিছিল-- আপুনি ব্যৱসায় কিয় কবে? এই প্রশ্ন কিয় কৰা হৈছিল মই বুজিছিলোঁ। মই ৰাজনীতি কৰা মানুহ, সমাজৰ কাম কৰা মানুহ। বহুতৰে ধাৰণা ৰাজনীতি কৰি সমাজৰ কাম কৰিব অহাসকলৰ অৰ্থৰ আকাল নাই।... মই সেই প্রশ্নৰ উত্তৰ কি দিম ভাবি থাকোতেই মনৰ পৰা ওলাই আহিছিল-- সংগীত চর্চা কৰাৰ বাবেই মই ব্যৱসায় কৰোঁ। সংগীত চর্চাই পেট নভৰায় কিন্তু মন ভৰায়। মন নভৰিলে মই কেনেকৈ জীয়াই থাকিম! 'মন'হে মানুহ এজনক জীয়াই ৰাখে। মই তেনেদৰেই ভাবো। কিন্তু শৰীৰটো ঠিয় হৈ থাকিবলৈ, শৰীৰটোত জীৱ থাকিবলৈ পেট ভৰিব নালাগিব জানো! পেট ভৰাৰ বাবেই মই ব্যৱসায় কৰোঁ। মই বাজনীতিও কৰোঁ, ৰাজনীতি কিন্তু মোৰ পেছা নহয়। সংগীতৰ দৰে বাজনীতিয়েও মোক নুখুৱায়। মই বাজনীতি কৰিছোঁ সমাজৰ কল্যাণৰ বাবে কাম কৰিম বুলি...। বুজিছে নহয়! মই নিজকে জীয়াই ৰখাৰ বাবে সংগীতৰ কাম কৰোঁ। আৰু নিজকে জীয়াই ৰখাৰ ইচ্ছা সমাজৰ কাম কৰাৰ বাবে।...' (উৎস: কৰ্মযোগী প্ৰফুল্ল বৰুৱা/ ক্রমশঃ)


মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...