সরাসরি প্রধান সামগ্রীতে চলে যান

বিজু ফুকন /নায়ক | ১

বিজু ফুকন। জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৪৭, ডিব্ৰুগড়। 

সংগীত আছিল বিজু ফুকনৰ প্ৰিয় বিষয়। সুদক্ষ কংগো বাদক আছিল। "দ্য কুইভাৰ্ছ" (১৯৬৪) নামৰ বাদ্যযন্ত্ৰীৰ দল এটাৰ সদস্য আছিল। অভিনয় কৰাৰ মনো নথকা নহয়! --এদিন হেমন্ত দত্ত (নাট্যকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক) -ৰ সৈতে গৈ বিজু ফুকনে চিনেমা লেখক-পৰিচালক ব্ৰজেন বৰুৱাক লগ কৰিলে। "সংগীতৰ কাম"ৰ বাবে। ব্ৰজেন বৰুৱা ডিব্ৰুগড়ত ব্যস্ত আছিল, "ডক্তৰ বেজবৰুৱা"ৰ কামত। কথা আগবঢ়াৰ আগতে ব্ৰজেন বৰুৱাই বিজু ফুকনক কৈছিল-- তুমি অভিনয় কৰা! "নায়ক" চেহেৰাৰ ল'ৰ এজনক পৰ্দাৰ আঁৰত ৰাখিলে মোৰ ভাল নালাগিব! (আনহাতে অভিনয় কৰিম বুলি ব্ৰজেন বৰুৱাৰ ওচৰলৈ যোৱা হেমন্ত দত্তই কলা নিৰ্দেশকৰ কাম পাইছিল।) বিজু ফুকনে ব্ৰজেন বৰুৱাৰ কথাৰ পৰা ইমান খিনিয়ে বুজিছিল "ডক্তৰ বেজবৰুৱা"ৰ নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালে! --সুযোগহে পালে, শেষ মূহুৰ্তত "নায়ক"ৰ চৰিত্ৰটো নাপালে, সৰু চৰিত্ৰ এটাত অভিনয় কৰাৰ প্ৰস্তাৱ দিছিল ব্ৰজেন বৰুৱাই। ("প্রথম চিনেমাখনৰ কথা নক'বা। পিছল খাইছিলোঁ। তেতিয়া সংঘাতিক লাজ পাইছিলোঁ। কথাটো এনে ধৰণৰ-- ব্ৰজেন বৰুৱাই 'ডক্তৰ বেজবৰুৱা'ৰ বাবে মোক সুযোগ দিয়াৰ কথা বহুতেই জানিছিল। সময়ত 'নায়ক'ৰ চৰিত্ৰটোৰ বাবে নিপন গোস্বামীক লা'লে। পিছত ব্রজেনদাই সৰু চৰিত্ৰ এটাত অভিনয় কৰিবলৈ মাতিছিল। নগ'লোঁ অভিমান কৰি।..." বিজু ফুকনে কৈছিল, আমাৰ প্ৰশ্নৰ উত্তৰত।) প্ৰস্তাৱ গ্ৰহন নকৰিলে। অভিমানত। অভিমান ভাঙিছিল, ব্ৰজেন বৰুৱাই-- "তোমাক ইয়াৰ পাছৰ ফিল্ম খনত লম"বুলি। "ডক্তৰ বেজবৰুৱা"ৰ গীত এটাত চকামকাকৈ বিজু ফুকনক দেখা গৈছিল। "জিলিকি জিলিকা তৰা আকাশৰে…" গীতটোত। 

ব্ৰজেন বৰুৱাই "ডক্তৰ বেজৰুৱা"ৰ (১৯৬৯) পাছত নিৰ্মাণ কৰা "ললিতা"ত (১৯৭২) বিজু ফুকনক লৈ চৰিত্ৰ নিৰ্মাণ কৰিছিল। কিন্তু ইয়াৰ পূৰ্বে চিত্ৰগৃহলৈ আহিছিল বিজু ফুকনে অভিনয় কৰা "বৰুৱাৰ সংসাৰ" (১৯৭০)। নিপ বৰুৱাৰ পৰিচালনা।

***********

বিজু ফুকন। "অসমীয়া চিনেমা"ৰ মানুহ। কেৱল নিজৰ চিনেমাৰ কথা ভৱা নাছিল, "অসমীয়া চিনেমা"ৰ কথা ভবিছিল, অসমীয়া চিনেমাৰ উত্তোৰণৰ স্বাৰ্থত কাম কৰা মানুহ আছিল। সক্ৰিয় হৈ থকা দিনটোলৈ কৈ আছিল "চলচ্চিত নীতি"ৰ কথা, "মিনি চিত্ৰগৃহ"ৰ কথা। ১৯৯৪ চনৰ কোনো এটা দিনত "আজিৰ সংবাদ" নামৰ দৈনিক কাকতত উপ-সম্পাদক হিচাপে যোগ দিয়া পাছৰে পৰা  বিজু ফুকনক লগ পাইছিলোঁ ১৮ -২০ বাৰ। "চিনেমা নিৰ্মাণৰ সংখ্যা বাঢ়িলেহে ভাল চিনেমা নিৰ্মাণ হ'ব। আজিৰ তাৰিখতো আমি যি সকলে অসমীয়া চিনেমাত কাম কৰো, আমাৰ বাবে পাৰ্ট টাইম কামহে হৈ আছে। ফুল টাইমৰ কাম যেতিয়া হব, তেতিয়াৰ পৰাহে ভাল অসমীয়া চিনেমা নিৰ্মাণ হব-- এয়া মোৰ ধাৰণা।" --বিজু ফুকনে কৈছিল, প্ৰথম সাক্ষাৎকাৰটোত, ১৯৯৪ চনৰ শেষৰ ফালে।

অধুনালুপ্ত দৈনিক কাকত "আজিৰ সংবাদ" আৰু পাছত অধুনালুপ্ত সাপ্তাহিক কাকত "জনক্ৰান্তি"ত প্ৰকাশ পোৱা "প্ৰথম সাক্ষাৎকাৰ"টোত আমাৰ প্ৰশ্ন, বিজু ফুকনৰ উত্তৰ আছিল এনেধৰণৰ--

প্ৰশ্ন: সন্দেহ নাই, আজিৰ তাৰিখত আপুনি অসমীয়া চিনেমাৰ তাৰকা।...

বিজু ফুকন: (আমাৰ প্ৰশ্নৰ মাজতে...) তাৰকা! নহয়, মই অভিনেতা। ভাল ভাল চৰিত্ৰৰ আপেক্ষাত থকা অভিনেতা। "অগ্নিস্নান"ৰ দৰে চিনেমাত আভিনয় কৰি মই সুখী। এনে ধৰণৰ সুখী হ'ব পৰা চৰিত্ৰ মোৰ বাবে আৰু ৰচনা হ'লে-- মই কিয় অভিনয় কৰি আছোঁ, এই প্ৰশ্নৰ সুখ সুখ অনুভৱ থকা উত্তৰ এটা বিছাৰি পাম!

প্ৰশ্ন: (আমাৰ শেষ নোহোৱা প্ৰশ্নটোৰ উত্তৰ পাইছিলোঁ। বিজু ফুকনৰ উত্তৰৰ আঁত ধৰি আমাৰ দ্বিতীয়টো প্ৰশ্ন--) "অগ্নিস্নান"ৰ আগলৈকে আপুনি প্ৰায় দুকুৰি অসমীয়া চিনেমাত অভিনয় কৰিছে। ইয়াৰ মাজত "সুখ  অনুভৱ" কৰিব পৰা চৰিত্ৰ নাছিল বুলি কোৱাৰ কাৰণ?

বিজু ফুকন: নহয়, মই তেনে অৰ্থত কোৱা  নাই! মই তেনে চৰিত্ৰতহে অভিনয় কৰিছোঁ, যি চৰিত্ৰত অভিনয় কৰি মই আনন্দ অনুভৱ কৰোঁ। সমৰেন্দ্ৰ নাৰায়ন দেৱৰ "অৰণ্য" (১৯৭১), দেউতী বৰুৱাৰ "বৃষ্টি" (১৯৭৪), নিপ বৰুৱাৰ "আজলী নবৌ" (১৯৭৪), জাহ্নু বৰুৱাৰ "অপৰূপা" (১৯৮২) আদিত কাম কৰি মই "অভিনয়ৰ আনন্দ অনুভৱ" কৰিছোঁ। দেউতী বৰুৱাৰ সৈতে আৰু কাম কৰাৰ মন আছিল! চৰিত্ৰ নিৰ্মাণ, কাহিনী কোৱাৰ চিন্তা গতানুগতিক নাছিল। দেউতী বৰুৱাই বিশ্বাস কৰিছিল "চিনেমা সমাজৰ বাবে! গতিকে পৰিচালকে সমাজৰ কথা চিন্তা কৰিব লাগিব। পৰ্দালৈ সমাজৰ সমস্যা আনিব লাগিব। সম্ভৱ হ'লে সমস্যা সমাধানৰ বাট দেখুৱাব লাগিব। কেৱল বিনোদৰ বাবে চিনেমা নিৰ্মাণ কৰা কথাটো মই গ্ৰহণ কৰিব নোৱাৰিম"। দেউতী বৰুৱাই মোক কৈছিল। দেউতী বৰুৱাই কাহিনীৰ লগতে অভিনয়তো বাস্তৱতা, realism in acting-ত গুৰুত্ব দিছিল। এই একে ধৰণৰ কাম কৰা পদ্ধতি অনুভৱ কৰিছিলোঁ জাহ্নু বৰুৱাৰ মাজত। চিনেমাৰ অভিনয় "বাস্তৱ"ৰ আঁতৰৰ নহয়-- এই কথাত গুৰুত্ব দিয়ে ছাৰে (ড° ভবেন্দ্ৰনাথ শইকীয়া)-ও। দেউতী বৰুৱা আৰু ছাৰে "চৰিত্ৰ" বুজাই দিয়ে, অভিনেতা বা অভিনেত্ৰী গৰাকীয়ে "চৰিত"টো বুজা যেন পালে ছাৰে মুকলি মনেৰে অভিনয় কৰিব দিয়ে। এয়া মোৰ অভিজ্ঞতা! মোৰ ভাল লগা অভিজ্ঞতা। এই অভিজ্ঞতাৰ বাবে মহীকান্ত মোৰ প্ৰিয় চৰিত্ৰহৈ থাকিব।

প্ৰশ্ন: আৰু শিৱপ্ৰসাদ ঠাকুৰ? আমাৰ ধাৰণাত "নায়ক বিজু ফুকন"ক দৰ্শকৰ বেছি ওচৰলৈ নিছিল "বোৱাৰী" (১৯৮২)-য়ে।

বিজু ফুকন: শিৱপ্ৰসাদ ঠাকুৰৰ "বোৱাৰী"ৰ আৰু "ঘৰ-সংসাৰ" (১৯৮৩)-ত এতিয়ালৈকে অভিনয় কৰিছোঁ। ব্ৰজেন বৰুৱা, নিপ বৰুৱাৰ দৰে দৰ্শকে ভাল পোৱাকৈ চিনেমা নিৰ্মাণ কৰে। বজাৰক গুৰুত্ব দিয়ে! চিনেমা চলিলেহে প্ৰযোজকে আন এখন চিনেমা নিৰ্মাণ কৰিব-- এই কথাটোত গুৰুত্ব দিয়ে।  শিৱপ্ৰসাদ ঠাকুৰৰ দৰে পৰিচালক অসমীয়া চিনেমা উদ্যোগৰ বাবে প্ৰয়োজন। মই "উদ্যোগ" বুলি কৈছোঁ; কিন্তু আজিও "অসমীয়া চিনেমা উদ্যোগ" গঢ়ি উঠা নাই।

প্ৰশ্ন: আগলৈ আশা কৰিব পাৰোনে?

বিজু ফুকন: নিশ্চয়। প্ৰথম কথা-- চিনেমাৰ সংখ্যা বঢ়াব লাগিব, টিকট ক্ৰয় কৰি চিনেমা চোৱা দৰ্শকক আকৰ্ষণ কৰিব পৰা অসমীয়া চিনেমাৰ সংখ্যা। দ্বিতীয়তে-- চিনেমা চলাবলৈ চিত্ৰগৃহ লাগিব। চৰকাৰে সৰু সৰু চিত্ৰগৃহ নিৰ্মাণ কৰি অসমীয়া চিনেমাৰ প্ৰযোজক সকলক সহায় কৰিব লাগিব। অসম চৰাকাৰৰ বিশেষ বিভাগ এটা আছে, অসমীয়া চিনেমাৰ ভালৰ বাবে কাম কৰিবলৈ। বিভাটোৰ ফালৰ পৰা চিনেমা নিৰ্মাতাক সহায় কৰিব লাগিব। আৰু এটা কথা-- চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণৰ কথাও চিন্তা কৰিব লাগিব।... (ক্ৰমশঃ

 (ক্ৰমশঃ)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...