অনুভৱ কৰিছিলো-- কমল হাচান ব্যতিক্রম।
কমল হাচানে প্রথমখন চিত্রনাট্য লিখিছিল ১৪ বছৰ বয়সত। চিনেমাখনৰ নাম আছিল 'উনৰচিগাল'। আৰ. চি. ছাকথিৰ পৰিচালনাৰে নির্মিত ১২২ মিনিট দৈর্ঘ্যৰ চিনেমাখন বিষয়বস্তুৰ বাবে নিষিদ্ধ হৈছিল। ১৯৭১ চনৰ এই তামিল চিনেমাখন চিত্রগৃহলৈ আহে ২৫ জুন, ১৯৭৬ত। তামিল দৈনিক কাকত 'দিনা থান্তি'ত প্রকাশ পোৱা এক সাক্ষাৎকাৰত কমল হিচানে কৈছিল--"চিত্ৰনাট্য লিখাৰ কচৰৎ আৰম্ভ কৰিছিলোঁ ১০-১২ বছৰতে। মই লিখা প্রথম দুখন চিত্রনাট্য কামত নাহিল। তৃতীয়খন চিত্রনাট্য শেষ কৰিছিলোঁ পৰিচালক আৰ. চি. ছাকথিৰ সহায়ত। ছাকথিৰ পৰিচালনাত মোৰ তৃতীয়খন চিত্রনাট্য পর্দালৈ আহিছিল, 'উনৰচিগাল' নামেৰে। মই লিখা চিত্রনাট্যখন প্রথম পর্যায়ত প্রায় ১৮০ মিনিট দৈৰ্ঘ্যৰ আছিল। আৰ. চি. ছাকথিৰ পৰামৰ্শ আৰু সহায়ত ১১৮ মিনিটলৈ কমাইছিলোঁ। সেই সময়ত আৰ. চি. ছাকথিৰ পৰা লোৱা শিক্ষাটো হ'ল-- পৰিচালকে এক বিশেষ নিয়মৰ মাজেৰে লিখা চিত্রনাট্যহে গ্রহণ বা পচন্দ কৰে। মোৰ প্ৰথম দুখন চিত্ৰনাট্যৰ ত্রুটি আছিল, নিয়মৰ মাজেৰে লিখা নাছিলোঁ, নিজৰ চিন্তাৰে লিখিছিলোঁ।..." পৰৱৰ্তী সময়ত কিন্তু নিজৰ চিন্তা, নিজৰ 'Rules' -ৰেহে চিত্রনাট্য ৰচনা কৰিছিল কমল হাচানে। "থেভৰ মাগান", "কুৰুথিপুনাল" আদি তামিল চিনেকৰ্মৰ চিত্রনাট্য ৰচনাৰ সময়ত কমল হাচানে গদাৰৰ (Jean-Luc Godard) দৰে "চিনেমাৰ সনাতন ৰীতি" সমূহ অত্যন্ত সচেতনভাবে ভাঙিছিল। "কুৰুথিপুনাল" চিত্রগৃহলৈ আহিছিল ২৩ অক্টোবৰ, ১৯৯৫৩। বুনিয়াদ গোবিন্দ নিহালনীৰ "দ্রোহকাল" চিত্রগৃহলৈ আহিছিল ৩১ আগষ্ট, ১৯৯৪ত। কমল হাচানে "দ্রোহকাল"ৰ চিত্ৰনাট্য পচন্দ কৰা নাছিল। আৰু পচন্দ কৰা নাছিল বাবেই "কুৰুথিপুনাল"ৰ পৰিচালক শ্ৰীৰামে চিনেমাখনৰ প্ৰযোজক-অভিনেতা কমল হাচানকে চিত্রনাট্য ৰচনাৰ দায়িত্ব দিছিল। কেৱল গোবিন্দ নিহালনীৰ "গল্প" মনত ৰাখি চিত্রনাট্য ৰচনা কৰিছিল কমল হাচানে।
মূলতঃ তামিল চিনেমাৰ অভিনেতা কমল হাচান তেলেগু, হিন্দী, মালয়ালম, তামিল, কন্নড় আৰু বাংলা চিনেমাৰো অভিনেতা। হিন্দী, তামিল চিনেমাৰ পৰিচালক। আৰু কৰিঅ'গ্ৰাফাব, মেক-আপ আর্টিষ্টো। সংগীততো দখল আছে। আৰু এই দক্ষতা স্পষ্ট হৈছিল চিত্রনাট্য কর্মত। সংলাপ, কেমেৰাৰ ভাষা-গাণিতিক ব্যাখ্যাৰ লগতে নৃত্য, সংগীত, মেক-আপৰ নির্দশো থাকে কমল হাচানৰ চিত্রনাট্যত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন