মন্দিৰটোৰ নাম কি?
--মনত পেলাব পৰা নাই। বিখ্যাত মন্দিৰ। মন্দিৰ ইত্যাদিৰ প্ৰতি মোৰ বিশেষ আগ্রহ নাই। গতিকে স্বাভাৱিকতে মনত নপৰিব। সেই মন্দিৰটোৰ পৰা কিছু বাট গৈ যিটো "মন্দিৰ" পোৱা যায়, সেইটোৰ নাম কিন্তু মনত আছে।
'অমিতাভ মন্দিৰ'। 'প্রতীক্ষা' । সেই সময়ত প্রতীক্ষাতে থাকে বিগ বচ্চন অমিতাভ।
১৯৯৫-২০০১ চন। সেই বাটেৰে মাহত দুই-তিনিবাৰ যোৱা হয়। বিগ বচ্চনৰ প্ৰতি থকা আকৰ্ষণৰ বাবে নহয়, সাগৰ তীৰৰ আকৰ্ষণৰ বাবে। কেইখোজমান আঁতৰত থকা মন্দিৰটোতকৈ "অমিতাভ মন্দিৰ'টোত ভিৰ বেছি। অমিতাভ ভক্তৰ। শনিবাৰৰ দিনটোত এই ভিৰ আৰু বাঢ়ে। কাৰণ সেই দিনটোত "ভক্ত"ক "দৰ্শন" দিয়ে, ঘৰৰ বেলকনীৰ পৰা 'ভক্ত"ৰ ফালে দৃষ্টি ৰাখি বিগ বিয়ে হাত দুখন লৰাই দিয়ে। তাকে চাই সার্থক হয় ভক্তৰ মন। মই মন কৰিছিলো, যি সময়ত "বলিউড বজাৰ"ত অমিতাভ অচল হৈ পৰিছিল, সেই সময়তো অমিতাভ মন্দিৰত ভক্তৰ ভিৰ কমা নাছিল। এই ছবিখনে স্পষ্ট কৰি দিয়ে দৰ্শকৰ হৃদয়ত থকা ইমেজ আৰু চিনেমাৰ নায়কৰ মাজত দূৰত্ব আছে। দৰ্শকৰ হৃদয়ত অমিতাভ বচ্চন নামৰ মহাতাৰকাগৰাকীৰ ইমেজ হয়তো ভগৱানৰ দৰে, এৰিব খুজিলেও এৰিব নোৱাৰে।
--কম কথানে?
অমিতাভৰ সময়ৰ, অমিতাভৰ পিছত বলীউডত খোজ পেলোৱা বহু তাৰকাৰ উজ্জ্বলতা নোহোৱা হ'ল, হেৰাই থাকিল। অমিতাভ কিন্তু আজিলৈ জিলিকি থাকিল। চৰ্চাত থাকিল। ইয়াৰ কাৰণ কোনো চিনেমাৰ চৰিত্ৰ ইমেজ নহয়, একমাত্র অমিতাভ ইমেজ। এই প্রসংগত প্রখ্যাত চিনেমা আলোচক, পৰিচালক, চিত্রনাট্যকাৰ খালিদ মোহম্মদে লিখা কেইটামান বাক্য উল্লেখ কৰিব পাৰো। "যেতিয়া বিফলতাৰ পিছত বিফলতাই অমিতাভক বিৰক্ত কৰি তুলিছিল, চেহেৰাৰ খংটো উজ্জ্বল হৈ গৈ আছিল। 'খং', 'উজ্জ্বল'!! হয়, মই ভুল লিখা নাই। 'খং' অমিতাভৰ অলংকাৰ। বাস্তৱ সেই খং পর্দাতো স্পষ্ট। পর্দাত স্পষ্ট হৈছিল যুৱ খং। যুৱ খং ইমেজলৈ ৰূপান্তৰ হৈছিল। যুৱ খঙে মোহব্বতেত ৰং সলাইছিল। খং যিহেতু বাস্তৱৰ আছিল, সেই ইমেজে নাম পাইছিল অমিতাভ।"
বর্তমান মই পঢ়ি আছো "ইমেজ অমিতাভ"। কৈলাশ বেন্দ্ৰই যুগুত কৰা ৪০০ পৃষ্ঠাৰ ৰচনা। আৰম্ভণিতে অমিতাভে লিখিছে।
"বৰ সুন্দৰ আছিল মোৰ শৈশৱ। যিমানখিনিৰ পৰা মনত আছে, সিমানখিনিৰ পৰা মোৰ অনুভৱ-- সুন্দৰ, অতি সুন্দৰ। বিদ্যালয়ৰ ছাৰ-বাইদেউসকলে মোক প্রশংসা কৰা নাছিল কোনোকালে। কিন্তু মৰম কৰিছিল। কিয় মৰম কৰিছিল তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। ব্যাখ্যা কোনোকালে জানিবলৈ চেষ্টাও কৰা নাই। হ'ব পাৰে, মই এগৰাকী বিখ্যাত কবিৰ পুত্র। হ'ব পাৰে, মই ভাল কবিতা আবৃত্তি কৰো। আবৃত্তি প্রতিযোগিতাত অংশ লৈ প্ৰথম পুৰস্কাৰ পাওঁ। তেতিয়া আবৃত্তি কি মই বুজা নাছিলো। যেতিয়া মই শ্ৰেণীত লগা কবিতা ঘৰত পঢ়িছিলোঁ, 'পিতাজী'য়ে কৈছিল-- কবিতা তেনেদৰে নপঢ়ে। কবিতা পঢ়োতে শব্দবোৰ মুকলিকৈ এৰি দিব লাগে। স্পষ্ট হ'ব লাগে। লগতে মোক ছন্দৰ পাঠ পঢ়ুৱাই দিয়ে। কোনোবাই যদি মোক প্রশ্ন কৰে-- 'অভিনেতা অমিতাভ'ৰ বুনিয়াদ কি? মই ক'ম-- 'পিতাজী'য়ে দিয়া সেই শিক্ষা। কবিতাৰ দৰে চিনেমাত সংলাপ কোৱাৰ সময়তো শব্দবোৰ স্পষ্টকৈ, মুকলিকৈ এৰি দিবলৈ চেষ্টা কৰোঁ। মোৰ মনত অলপো সন্দেহ নাই, পিতাজীয়ে সেই শিক্ষা নিদিয়া হ'লে অভিনয়ৰ বাটত নিশ্চয় পিচল খালোহেঁতেন। মোক আকৌ এবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে নিৰ্বাচন কৰিলে "শ্রেষ্ঠ অভিনেতা" হিচাপে।
সংবাদ মাধ্যমৰ পৰা অহা এটা "কমন" প্রশ্ন আছিল-- মোৰ কেনে লাগিছে? কি অনুভৱ হৈছে?
মনতে মোৰ অনুভৱখিনি বিচাৰি চাওঁতে 'পিতাজী'য়ে দিয়া শিক্ষাৰ কথাখিনি মনলৈ আহিছে। আৰু মনত পৰিছে 'বঁটা' এটা পোৱাৰ পাছত যেতিয়া উৎসাহেৰে পিতাজীক জনাইছিলোঁ-- তেওঁ কি কৈছিল!
কৈছিল-- 'ৰাষ্ট্ৰীয় বঁটাতো নহয়। সেইটোহে আচল সন্মান। মোৰ বিশ্বাস সেই সন্মান তই পাবি। তেতিয়া মোৰ আনন্দ লাগিব।' সেই বঁটাটো আছিল মই 'চিনেমাৰ অভিনেতা' হিচাপে লাভ কৰা প্ৰথম বঁটা। কিয় জানো পিতাজীৰ মনত ধাৰণা আছিল চিনেমাৰ মুম্বাইকেন্দ্ৰিক বঁটাবোৰৰ নিয়ন্ত্রক চিনেমাৰ প্ৰযোজক আদি। সেই বঁটাবোৰ মার্কেটিঙৰ অংশ। মার্কেটিঙত ব্যৱহাৰ হয়। সেয়েহে সম্ভৱত মই লাভ কৰা প্ৰথমটো মুম্বাইকেন্দ্রিক বঁটাই পিতাজীক সুখী কৰিব পৰা নাছিল।"
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন