সরাসরি প্রধান সামগ্রীতে চলে যান

সঞ্জয় লীলা

["কেৱল তোমাৰ বাবেই..." --এই চৰ্চা প্ৰকাশ হৈছিল #বিস্ময় ত। পাছত #ৰাফকাট সংকলনত সন্নিবিষ্ট কৰিছিলোঁ।]


তেওঁৰ নাম সঞ্জয় লীলা ভাঞ্চালী (নে বাঞ্চালী! কোনো কোনো কাকতত, বিশেষকৈ মুম্বাই কেন্দ্ৰিক চিনেমা বিষয়ৰ আলোচনী সমূহত বাঞ্চালী বুলি সঞ্জয় লীলাৰ উপাধিটো ব্যৱহাৰ কৰি আহিছে। শুনা যায় চিনেমাৰ ক্ষেত্ৰখনলৈ অহাৰ পূৰ্বে তেতিয়াৰ নাট্যকর্মীগৰাকীক সঞ্জয় লীলা বাঞ্চালী বুলি জনা গৈছিল)। সেই যে, সেইদিনা লগ পোৱা হৈছিল, সন্মুখৰ পৰা (ওচৰৰ পৰা)

দেখাৰ সুযোগ পাইছিলো সেইদিনাই অনুভৱ কৰিছিলো-- পৰিচালকগৰাকীয়ে কথ কৈ বেয়া পায়। সেইদিনা মই আছিলো শ্রোতা! বেছি কথা কৈছিল অজয় বেনার্জীয়ে। প্রথম পৰিচালনাৰ কথা ওলাইছিল। অজয়ৰ প্রশংসা। সঞ্জয়ৰ মুখত মিঠা হাঁহি।

--সকলোৱে জানে, চিত্ৰৰসিকৰ হৃদয় চুই গৈছে, হৃদয়ত বৈ গৈছে সঞ্জয় লীলাৰ প্ৰথম পৰিচালনা। 'খামোচী- দ্য মিউজিকেল" আছিল চিনেমাখনৰ নাম। নিঃশব্দ; কিন্তু নিঃশব্দতাত আছে সংগীত। চিনেমাখনৰ 'নায়ক-নায়িকা'ৰ মুখত মাত নাই। জীৱনত কিন্তু সংগীত আছে। সুখৰ, দুখৰ। সুন্দৰভাৱে, হৃদয় চুই যোৱাকৈ ব্যৱহাৰ কৰিছে পৰিচালকে। নানা পাটেকাৰ-সীমা বিশ্বাসৰ অভিনয় আছিল চিনেমাখনৰ অন্যতম যোগাত্মক দিশ। কিন্তু এই যোগাত্মক দিশ নিষ্প্রভ হৈ পৰিছিল যতীন-ললিতৰ কথা-সুৰৰ মাজত। সেই চিনেমাখনতে স্পষ্ট হৈছিল সঞ্জয় লীলাই সংগীত দিশটোত কিমান সচেতন। এই একেটা দিশ স্পষ্ট হৈছে পৰৱৰ্তী পৰিচলানাতো। সেইবোৰ কথায়ে কৈ গৈছিল অজয়ে। বেছি সময় নহয়। ২০ মিনিট। আমি এৰা-এৰি হৈছিলো। এৰা-এবি হোৱাৰ আগ মূহূৰ্তত পৰিচালকগৰাকীয়ে মাত্র কৈছিল "সকলো আপোনালোকৰ বাবেই। আপুনি আনন্দ অনুভৱ কৰিছে, মই সুখী।"

সেই একে সুৰতেই, একেদৰেই কোৱা বুলি শুনা যায় আৰু এদিন-- "কেৱল তোমাৰ বাবেই...।" এই কথাখিনি কৈছিল ধীৰাজে। কোন ধীৰাজ। ধীৰাজ হৈছে সঞ্জয় লীলাৰ সোঁ হাত বুলি জনা যায়, পৰিচালনাৰ ক্ষেত্রত।... কৈছিল, সঞ্জয় লীলাই যেতিয়া মাধুৰীক ওচৰত পাইছিল। 

"খামোচী-দ্য মিউজিকেল"ৰ চিত্রনাট্য হাতত লোৱাৰ সময়ৰ কথা। গোটেই চিত্রনাটাখন ৰচনা কৰা হৈছিল কেৱল মাধুৰী দীক্ষিতৰ কথা মনত ৰাখি। সঞ্জয় লীলই আশা কৰিছিল চিত্রনাট্যখন পঢ়ি সেই সময়ৰ শীর্ষ স্থানত থকা নায়িকাগৰাকীয়ে না নকৰিব। এই খিনিতে কিছু কথা উল্লেখ কৰিলেহে স্পষ্ট হ'ব-- সঞ্জয় লীলাই কিয় মাধুৰীক কেন্দ্ৰ কৰি চিত্ৰনাট্য ৰচনাত ব্যস্ত হৈছিল। ইতিমধ্যে আমি উল্লেখ কৰিছো যে, সঞ্জৎ লীলা আছিল এগৰাকী নাট্যকর্মী। তেওঁৰ হেনো সপোন আছিল এদিন মঞ্চলৈ মাধুৰীক আনিব, তেওঁৰ কল্পনাৰে চৰিত্ৰ নির্মাণ কৰি মাধুৰীক নাট্যৰসিকৰ মাজলৈ লৈ যাব। কিয়নো সেই সময়ত সঞ্জয়ৰ প্রিয় অভিনেত্ৰীগৰাকী মাধুৰীৰ বাহিৰে আন কোনে নাছিল। কিন্তু সঞ্জয়ে দেখিলে মাধুৰীক মঞ্চলৈ অনা কামটো কোনোপধ্যেই সন্ত্রা নহয়। সেয়ে তেওঁ ঠিক কৰিলে কেৱল মাধুৰীৰ বাবে, মাত্র মাধুৰীৰ বাবে তেওঁ এখন চিনেমা নির্মাণ কৰিব। আৰু তেওঁ যি সপোন দেখি আহিছে তাক বাস্তবত ৰূপ দিব "পর্দা"ত। সেয়েহে মাধুৰী কেন্দ্রিক 'খামোচী'ৰ চিত্রনাট্য পর্ব। এদিন চিত্রনাট্য সম্পূর্ণ হ'ল। বন্ধু এজনৰ সহায়ত মাধুৰীয়ে সেই সময়ত শ্বট দি থকা চিনেমা এখনৰ ফ্ল'ৰলৈ 

যোৱাৰ সুযোগ কৰি ল'লে সঞ্জয় লীলাই। হাতত সেই চিত্রনাট্যখন। বন্ধুজনৰ সহায়ত সঞ্জয় লীলাই নিজৰ মনৰ কথা মাধুৰীক জনালে। কিন্তু দুখৰ বিষয়টো প্রায় এমাহ সময় অপেক্ষা কৰিও কোনো ধৰণৰ সঁহাৰি নাপালে। এদিন বন্ধুজনৰ সহায়ত জোৰ দি ধৰাত মাধুৰীয়ে হেনো ক'লে-- এনে ধৰণৰ নতুন পৰিচালক প্ৰতিদিনেই মোৰ এচবলৈ ১০/১২ গৰাকী আহে। মই যদি প্রতিখন চিত্রনাট্য পঢ়াত সময় দিওঁ, তেনেহ'লে কাম কৰিম কেতিয়া? তাৰ পাছত আৰু সঞ্জয় লীলাই মাধুৰীৰ কথা অন্ততঃ প্রথম পৰিচালনাখন সম্পূর্ণ নোহোৱালৈকে মনৰ পৰা আঁতৰাই ৰাখিলে। সঞ্জয়ে ঠিক কৰিলে এই চিনেমাখনৰ কাম শেষ হ'লে, চিত্রগৃহলৈ গ'লে এটা পৰিচয় পোৱা যাব, আৰু সেই পৰিচয়ৰে নিশ্চয় মাধুৰী দীক্ষিতৰ দৰে নায়িকাক লগ কৰা কামটো সম্ভৱ হ'ব। 

-- প্রথম পৰিচালনা সম্পূর্ণ হ'ল। প্রশংসা পালে সঞ্জয় লীলাই। ব্যৱসায়িক দিশত অৱশ্যে সফল হ'ব পৰা নাছিল। সেয়া যি নহওক পৰিচালকগৰাকী ব্যস্ত হৈ পৰিল দ্বিতীয়খন চিনেমাত। চিত্রনাট্য ৰচনাৰ কাম আৰম্ভ হ'ল। এইবাৰো চিত্রনাট্য ৰচনাৰ কাম আগবঢ়ালে, মূল নাৰী চৰিত্ৰটো ৰচনা কৰিলে মাধুৰী দীক্ষিতৰ কথা মনত ৰাখি। এইবাৰো পিছে মাধুৰীয়ে নিৰাশ কৰিলে। মাধুৰীৰ ঘৰৰ বাহিৰত তিনিদিন অপেক্ষা কৰিও চিত্রনাট্যখন শুনাবলৈ সুযোগ নাপালে সঞ্জয় লীলাই। সঞ্জয় লীলাৰ ফালৰ পৰা হেনো অনুৰোধ কৰা হৈছিল-- অভিনয় কৰিব নালাগে বাৰু! অন্ততঃ আপোনাৰ বাবে নিৰ্মাণ কৰা চৰিত্ৰটো চাই লওক। চিত্রনাট্যখনত এবাৰ চকু ফুৰাই চাওক। কিন্তু মাধুৰীৰ ফালৰ পৰা হেনো স্পষ্টভাৱে কৈ দিয়া হৈছিল-- মোৰ হাতত 'তাৰিখ' নাই। মাধুৰীয়ে নিজে কোৱা নাছিল, তেওঁৰ সচিব বিকুৰ দ্বাৰা কোৱাইছিল। সেইগৰাকী মাধুৰীয়ে এদিন নিজে ফোন কৰিছিল সঞ্জয় লীলাক। দ্বিতীয় পৰিচালনা "হাম দিল দে চুকে চনম" চিত্রগৃহলৈ অহাৰ পাছত। চিনেমাখন চোৱাৰ ইচ্ছা প্রকাশ কৰিছিল মাধুৰীয়ে ।... সঞ্জয়ৰ আনন্দৰ সীমা নাই! তেওঁৰ প্রিয় নায়িকাই, নিজেই তেওঁৰ চিনেমা চাবলৈ ইচ্ছা কৰিছে! চিনেমাখন চোৱাৰ ব্যৱস্থা কৰি দিলে। মাধুৰীয়ে প্ৰশংসাৰ পাছত প্রশংসা কৰি গ'ল। সঞ্জয়ে একো নক'লে।... তাৰ পিছত সঞ্জয় ব্যস্ত হৈ পৰিল 'দেৱদাস'ৰ কামত। 'দেৱদাস'ৰ চিত্ৰনাট্য ৰচনাত ব্যস্ত আছিল সঞ্জয় লীলা। সেই যে মাধুৰীয়ে সঞ্জয় লীলাৰ "হম দিল দে..." চাই গৈছিল তাৰ এমাহ পাছৰ কথা। পুনৰ মাধুৰীৰ ফালৰ পৰা সঞ্জয় লীলালৈ ফোন আহিল-- তোমাৰ চিনেমাত মই কাম কৰিব খোজো। তুমি হেনো "দেৱদাস" কৰিবা! মোৰ বাবে কিবা চৰিত্ৰ আছে নে? (উৎস: সাপ্তাহিক কাকত  "ফিল্মচিটি")

-- কিয় নহ'ব! সঞ্জয় লীলাই কৈছিল। কিন্তু দুখৰ বিষয় আছিল সেই সময়ত সঞ্জয় লীলাই এবাৰলৈ হ'লেও "দেৱদাস"ৰ কোনো চৰিত্ৰৰ বাবে মাধুৰীক ভবা নাছিল।

সঞ্জয়ে চিত্ৰনাট্যৰ কাম কৰিছিল শ্বাহৰুখ খানৰ বিপৰীতে ঐশ্বৰ্য ৰায়-ৰাণী মুখার্জীৰ কথা মনত ৰাখি। কিন্তু মাধুৰীৰ সেই "ফোন"টোৱে চব ওলট-পালট কৰি দিলে। মাধুৰীক কেন্দ্ৰ কৰি চৰিত্ৰ ৰচনাত ব্যস্ত হৈ পৰিল পৰিচালকগৰাকীয়ে। কেৱল চিত্রনাট্যয়ে নহয়, চেট আদি ডিজাইনতো নিজেই ব্যস্ত হৈ পৰিল। নপৰিবনে! এই চেটতেই যে শ্বট দিব পৰিচালকগৰাকীৰ প্রিয় নায়িকা গৰাকীয়ে! চিত্রনাট্য সম্পূৰ্ণ হোৱাৰ পাছত পৰিচালকগৰাকীৰ ফালৰ পৰা এদিন মাধুৰীক নিমন্ত্ৰণ কৰা হ'ল। দুপৰীয়াৰ আহাৰ, চিত্রনাট্য আৰু অন্যান্য প্রসংগত সেইদিনা কিছু সময় খৰছ কৰাৰ কথা ক'লে-- কিছু সময় দিব পাৰিবনে? যদি পাৰে আপুনি মোৰ নির্মাণ হৈ থকা চেটলৈ আহিব পাৰে। সঞ্জয় লীলাৰ ফালৰ পৰা কোৱা হৈছিল। যথা সময়ত মাধুৰী আহি উপস্থিত হৈছিল "দেৱদাস"ৰ নিৰ্মাণৰত চেটত। আহিয়ে হেনো মাধুৰী অবাক! সঞ্জয় লীলা এচুকত বহি আছে। চেটৰ মাজত ধীৰাজ আৰু অন্যান্য সহকাৰী পৰিচালকসকল। চেটৰ মাজত সোমায়ে মাধুৰীয়ে প্রশংসা কৰি গ'ল প্ৰতিটো দিশ-- ইমান সুন্দৰ! ইমান সুন্দৰ! কোনে কৰিলে? এই চিনেমাখনৰ বাবেই নে?... প্রায় ১০ মিনিটমান সময় প্রশংসাৰ পাছত মাধুৰীৰ প্ৰতি সঞ্জয় লীলাই মাত্র এটা বাক্যই কৈছিল "কেৱল তোমাৰ বাবেই"... (सिर्फ तुम्हारे लिए...)।

(বিধু বিনোদ চোপ্ৰাৰ অপৰাধ থ্ৰিলাৰ "পৰিন্দা"ত নিশ্চয় সঞ্জয় লীলা ভাঞ্চালীয়ে মাধুৰীক পাইছিল! বলিউডৰ বাটে-ঘাটে শুনা চৰ্চা-- চিনেমা খনৰ গীতাংশ ডিজাইনত হেনো আগভাগ লৈছিল চিনেমা খনৰ সহকাৰী পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে। ভাঞ্চলী আছিল "পৰিন্দা "(১৯৮৯), "১৯৪২: এ লাভ ষ্ট’ৰী" (১৯৯৪) সহ-পৰিচালক, লেখক আৰু সহকাৰী নৃত্য পৰিচালক।)

--উৎপল_মেনা

মুম্বাই/ ডিচেম্বৰ ১৯৯৯

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...