REDMI 12C | NEERNAYAN
বাহাৰুল ইছলাম
(চন: ১৯৯৩। দিন, তাৰিখ মনত ৰখা নাই। গুৱাহাটী।)
বাহাৰুল দা ঘৰত আছেনে?
"সাধাৰণ" মানুহজনে মোৰ ফালে চালে।
মোৰ পৰিচয় দিলো।
নম্রভাৱে মানুহজনে ক'লে-- "আহক! ভিতৰলৈ আহক।" মোক বহিব দিলে। মানুহজনো বহিল। মানুহজনে মোৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলে। মই দিগদাৰ অনুভৱ কৰিলোঁ। বিৰক্ত হ'লোঁ। বিৰক্তিখিনি ঢাকি ৰাখি আকৌ সুধিলোঁ-- বাহাৰুলদা ঘৰত আছেনে?
এইবাৰ মোৰ আচৰিত হোৱাৰ পাল!
"আমি বোধহয় লগ হোৱা নাই। ময়ে বাহাৰুল ইছলাম।..."
"সাধাৰণ" মানুহজনে "অসাধাৰণ" বাহাৰুলদা!
লাজ পালোঁ!
দুঃখিত! মই ক'লোঁ।
"আহা, আমি ভিতৰত বহি কথা পাতিব পাৰোঁ!"
--আমি কথা পাতিলোঁ। অসহজ হৈ পৰা মোক বাহাৰুলদাই সহজ কৰি দিলে।
প্রশ্ন-উত্তৰৰ মাজত সোমাই পৰিলোঁ।
ক্রমে সহজ পৰিলোঁ। সেই প্রথম সাক্ষাতত স্পষ্ট হৈ পৰিল-- "নাটক" বিষয়ত বাহাৰুলদা স্পষ্ট। "সমাজৰ বাবে নাটক। নাট্যকাৰ-পৰিচালকৰ সামাজিক দায়বদ্ধয় আছে। নাটকৰ সৈতে 'ব্যৱসায়'ৰ সম্পৰ্ক আছে। ব্যৱসায়ক বাদ দি ধাৰাবাহিকনটা চর্চা অসম্ভব।"
বাহাৰুলদাই আৰু ক'লে-- "নাটক নাটকেই। ভ্রাম্যমাণ থিয়েটাৰৰ নাটক, ৰবীন্দ্ৰ ভৱনৰ নাটকৰ মাজত দূৰত্ব থাকিব লাগে বুলি মই নাভাবো। দূৰত্বৰ কথা মনত ৰাখিলে নাট্যকাৰৰ 'সৃষ্টি'ত ক্ষতি হোৱাৰ ভয় থাকে।..."
নাটক কেন্দ্ৰিক আৰু কিছু কথা পাতিছিলোঁ। আমাৰ এই প্ৰথম সাক্ষাৎকাৰ প্ৰকাশ পাইছিল অধুনালুপ্ত সাপ্তাহিক কাকত "জনক্ৰান্তি"ত।
**********************
সেই যে প্রথমবাৰ লগ পাইছিলোঁ।.. তাৰ পাছত আৰু কেইবাবাৰো লগ পাইছিলোঁ। ওচৰৰ পৰা বাহাৰুলদাৰ সৃষ্টি অনুভৱ কৰাৰ সুযোগ পাইছিলোঁ। 'ইমুখ'ৰ কামত সহায় কৰাৰ সুযোগ পাইছিলোঁ। 'ইমুখ' বাহাৰুল ইছলামৰ সম্পদনাৰে প্ৰকাশ পোৱা আলোচনী। নাটক-চিনেমাৰ আলোচনী। কোনো সন্দেহ নৰখাকৈ ক'ব পাৰি-- ইমুখৰ দৰে উন্নতমানৰ নাটক-চিনেমাৰ আলোচনী আজিলৈকে ওলোৱা নাই। পিছে দুখৰ বিষয় আলোচনীখনৰ দুটা সংখ্যাহে ওলাল, মানে প্রকাশ পালে। তাৰ পাছত 'ব্রেক'। মোৰ কাৰ্যক্ষেত্ৰত মুম্বাইত হোৱাক ১৯৯৪-২০০০ চনলৈ, দীর্ঘ সময় বাহাৰলদাৰ সৈতে যোগাযোগ নাছিল। দীর্ঘ দিনৰ পিছত যোগাযোগ হ'ল 'আছেনে কোনোবা হিয়াত' চিনেমাখন চিত্রগৃহলৈ অহাৰ আগে আগে। চিনেমাখনৰ কেইটামান শ্বট দেখুৱাইছিল 'সৰু পর্দা'ত। নৃত্য আছে। গীত আছে। ক'ব পাৰি গীতৰ সু-চিত্রায়নে গুৰুত্ব পাইছিল চিনেমাখনত। আমি মঞ্চত বাহাৰুলদাৰ ভালেমান পৰিচালনা চাইছো। গতিকে স্বাভাৱিকতে ধাৰণা কৰি লৈছিলো চিনেমাখন কেনে হ'ব পাৰে। পৰিচালনা শৈলী কেনে হ'ব পাৰে। কিন্তু আমি যেনে ভাবিছিলো, তেনে নহ'ল। পৰিচালনা শৈলী আমি ভৱাৰ সম্পূৰ্ণ বিপৰীত। বাহাৰুলদাৰ পিনে চালো। আমি কিবা এটা পোৱাৰ আগতে বাহাৰুলদাই ক'লে-- 'চিনেমা চিনেমাৰ দৰে হ'ব লাগে। দর্শকে ভাল পাব লাগে। আধা এন্ধাৰ-আধা পোহৰ ব্যৱহাৰ কৰি মই চিনেমাখন নিৰ্মাণ কৰিব খোজা নাই।...' বুজিলো-- বাহাৰুল দাৰ উদ্দেশ্য 'কালাৰফুল' চিনেমা নিৰ্মাণৰ। কিন্তু 'কালাৰফুল' চিনেমা মানেই 'ভাল' চিনেমা নহয়। আমাক চিনেমাখনে সন্তুষ্ট কৰিব নোৱাৰিলে। পিছত বাহাৰুলদাৰ সৈতে কথা পাতি বুজিব পাৰিলো-- চিনেমাখনক লৈ বাহাৰুলদা নিজেও সন্তুষ্ট নহয়।
*********
বাহাৰুল দাই যে সদায় " নতুন কিবা " কৰাৰ চিন্তাত থকে সেয়া অনুভৱ কৰিছিলো ১৯৮৩-৮৪ৰ সময় চোৱাত। মহানগৰীৰ জু ৰোডৰ জুৰণি উপ পথটো য'ত শেষ হৈছে তাতেই বাহাৰুল দাৰ ঘৰ । সেই চৌহদৰে এটা ঘৰৰ ভাড়াটিয়া মোৰ অতি ওচৰৰ বন্ধু , লেখক - সাংবাদিক দিগন্ত ওজা । দিগন্তুৰ ঘৰত আড্ডা বহে, আজৰি সময়ত । কবি-সমালোচক ৰবীন্দ্ৰ বৰা , দিগন্তৰ বাইদেউ কবি অজন্তা ওজা , ফটো সাংবাদিক চিন্ময় ৰয় , প্ৰমোদ দা (বৰ্তমান অসম প্ৰকাশন পৰিষদৰ সচিব) , আৰু ... ( দীঘল তালিকা ) । আৰু মাজে মাজে কম সময়ৰ বাবে বাহাৰুল দা , আহিয়ে নতুন-নতুন " চিন্তা " কয় ।
বাহাৰুল দা খুব ব্যস্ত । চৌহদতে " ছিগাল " । মোৰ ধাৰণাত " actor factory " । ( ১০ ডিচেম্বৰ , ১৯৯০ দুৱাৰ মুকলি হৈছিল আৰু তেতিয়াৰ পৰা অভিনেতা - অভিনেত্ৰী নিৰ্মাণ কৰ্ম চলি আছে । " ছিগাল "ত অভিনয়ৰ নহয় , অভিনয় বিজ্ঞানৰ পাঠ দিয়ে । -- এয়া মোৰ ধাৰণা । ) এদিন আহি ক'লে , " নাটকৰ আলোচনী এখন কৰো আহা ! নাম ঠিক কৰিছো -- ' ইমুখ '। তোমালোকে সহায় কৰিলে খাটাং ওলাব । " যেনেধৰনে বিচিৰিছিল সহায় কৰিলো । ওলাল । উন্মোচন কৰিছিল শিল্পী নীলপৱন বৰুৱাই , পবিত্ৰ দাৰ ঘৰত ( লেখক - সংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ ঘৰত থকা ব্যক্তিগত কাৰ্যালয়টোৱে আছিল " অসম চিত্ৰ সাংবাদিক সংস্থাৰো কাৰ্যালয় । ) । সেই আলোচনী খনৰ মাজত অনুভৱ কৰিছিলো " দক্ষ সম্পাদক বাহাৰুল ইছলাম" ক । লেখক বাহাৰুল ইছলামক অনুভৱ কৰিব পাৰি "একান্ত মনেৰে " ," সীমাৰ সীপাৰে " ," বিয়ণ্ড দা অব্ভিয়াছ " ." খিৰিকী খুলিয়েই" ," কিছু কথা কিছু নাটক " আদি গ্ৰন্থত।
"বাহাৰুল ইছলাম " ৰ বিষয়ে জানিবলৈ বাহাৰুল দাৰ সৈতে প্ৰথমবাৰ বহোতে জানিব পাৰিছিলো-- জন্ম ১৯৬৩ চনৰ ১০ অক্টোৰত । ৰংজুলীত। পিতৃৰ নাম আব্দুছ ছামাদ , মাতৃৰ নাম আজিজা খাতুন । দেউতাকৰ কৰ্মসূত্ৰে বাহাৰুল ইছলামে ৰংজুলীৰপৰা গৈ লক্ষীপুৰত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে । শেষ কৰে গুৱাহাটীত । ১৯৮৬ চনত আৰ্য বিদ্যাপীঠ কলেজৰপৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু ১৯৮৭ - ১৯৯০ ত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত আভিনয়ৰ পাঠ লয় । অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰি বলিউড বা আন কৰোবাত অভিনয় কেৰিয়াৰৰ সন্ধান নকৰি অসমলৈ উভতি আহে। আৰু অসমৰ নাট্য উত্তৰণৰ স্বাৰ্থত কাম কৰে । আৰু নাটকৰ লগতে চিনে কৰ্মতো মন দিয়ে । অভিনয় কৰা অসমীয়া চিনেমা : সূৰুয , পিতা-পুত্ৰ , সংকল্প , প্ৰভাতী পখীৰ গান , আপোনজন , মৰম নদীৰ গাভৰু ঘাট, ৰঙা মদাৰ (চিত্ৰগৃহলৈ নাহিল ) , বাৰুদ , বাঘ মানুহৰ খেলা (চিত্ৰগৃহলৈ নাহিল ) , মায়া , বৈভৱ , অন্তহীন যাত্ৰা , সমীৰণ বৰুৱা আহি আছে, আছেনে কোনোবা হিয়াত , জাতিঙ্গা ইত্যাদি , বহ্নিমান , ফেঁহুজালি , ৰক্তবীজ , কানীন , দ্য আণ্ডাৰৱ'ৰ্ল্ড , গৰু । -- নাটখৰ দৰে বাহাৰুল ইছলামৰ বাবে অসমীয়া চিনেমাৰ বাট সিমান মসৃন নাছিল । "সূৰুয"ৰ লুঙি পিন্ধি জপিয়াই থকা " বাহাৰুল "ক সহ্য কৰিব পৰা নাছিলো । টি ভি চাই সাংবাদিকতা কৰা " সমীৰণ বৰুৱা আহি আছে "ৰ " বাহাৰুল "কো সহ্য কৰিব পৰা নাছিলো! "সম্পূৰ্ণ অভিনেতা বাহাৰুল"ক দেখিলো ২০২১ চনতহে , হিমাংশু প্ৰসাদ দাসৰ "গৰু"ত । চেহেৰা - শৰীৰৰ অসাধাৰণ অভিনয় ! আমাৰ মন ভৰাই যোৱা এই চৰিত্ৰটোৰ বাবে বাহাৰুল দাই যিমান পৰিশ্ৰম কৰিছিল তাতকৈ কম পৰিশ্ৰম কৰা নাছিল "সূৰুয" আদি চিনেমাৰ চৰিত্ৰ নিৰ্মানতো । আমি সহ্য কৰিব পৰা নাছিলো পৰিচিলকে অভিনেতা গৰাকীৰ অভিনয় শক্তি ব্যৱহাৰত মন নিদিয়া বাবেহে । (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন