[জাহ্নু বৰুৱাৰ সৈতে মোৰ এই 'আলাপ' আছিল ২০০৩ৰ ছেপ্টেম্বৰ সংখ্যাৰ #বিস্ময় ৰ বাবে। তেতিয়ালৈকে জাহ্নু বৰুৱাই পৰিচালনা কৰিছিল-'অপৰূপা', 'পাপৰি', 'হালধীয়া চৰায়ে বাওধান খায়', 'কুশল', 'বনানি', 'ফিৰিঙতি', 'সাগৰলৈ বহু দূৰ', 'পখী', 'কণিকাৰ ৰামধেনু' আৰু 'তৰা'।]
#ভাৰতীয় চিনেমাৰ 'ধাৰা' প্ৰসংগক লৈ চিনেমা আলোচক, চীনেমা পৰিচালকসকলৰ মাজত আজিৰ তাৰিখতো বিতর্ক চলি থকা দেখা যায়।
মূল ধাৰা আৰু সমান্তৰাল ধাৰা-- চিনেমাৰ এই বিভাজনক যিসকলে সমর্থন কৰিছে, কৰি আহিছে, সেইসকলেও কিন্তু ধাৰা দুটাৰ প্ৰসংগত স্পষ্ট সংজ্ঞা দেখা নাযায়। চিনেমাৰ ধাৰা বিভাজনক সমর্থন কৰা পৰিচালক #জাহ্নু বৰুৱাৰ মতে--"শিল্পী এগৰাকীৰ চিন্তাধাৰা সৰ্বসাধাৰণ মানুহতকৈ সদায় অলপ বেলেগ হয়। সাধাৰণ মানুহতকৈ আগতে ভাবে। এয়া হয় কেৱল তেওঁৰ সৃষ্টিশীল মনটোৰ বাবে। শিল্পী এজনৰ চিন্তা কামৰ মাজেৰে তেওঁ মানুহক কি দিব পাৰে? কিন্তু সাধাৰণতে শিল্পী আৰু সাধাৰণ মানুহৰ চিন্তাধাৰাৰ মাজত কিছু দূৰত্ব থাকি যায়। কোনো শিল্পীয়ে নিজৰ চিন্তাধাৰাৰ কথা মনত নাৰাখি সাধাৰণ
মানুহৰ চিন্তাধাৰাত গুৰুত্ব দিয়ে, কোনো কোনোরে নিদিয়ে-- সৃষ্টিৰ সময়ত নিজৰ চিন্তাধাৰাৰ কথাহে মনত ৰাখে। চিনেমাৰ ক্ষেত্ৰতো এচামে দৰ্শকৰ কথা মনত নাৰাখি, সাধাৰণ মানুহে কি বিচাৰিব পাৰে সেই কথা মনত নাৰাখি 'সৃষ্টি'ৰ সময়ত কেৱল নিজৰ চিন্তাধাৰাকহে গুৰুত্ব দিয়ে।"
জাহ্নু বৰুৱাৰ সৈতে হোৱা সুদীর্ঘ আলাপত এটা কথা স্পষ্ট হৈ পৰিল দর্শকক বা সাধাৰণ মানুহক গুৰুত্ব দি 'ট্রিট' কৰা চিনেমাবোৰ হ'ল মূল ধাৰাৰ, আৰু পৰিচালকৰ নিজৰ চিন্তাধাৰাক গুৰুত্ব দি 'ট্রিট' কৰা চিনেমাবোৰ হ'ল-- সমান্তৰাল ধাৰাৰ। পৰিচালকগৰাকীৰ সৈতে মত-বিনিময় কৰি আৰু পৰিচালকগৰাকীৰ চিনেমাৰ দৰ্শক হৈ অনুভৱ কৰিছোঁ-- পৰিচালকগৰাকীয়ে দৰ্শকৰ কথা মনলৈ আনি নিজৰ চিন্তাধাৰাক কেমেৰাত বন্দী কৰাৰ সময়ত কোনো কালেই 'কম্প্র'মাইজ' কৰা নাই। তেনেহ'লে আমি নিশ্চয় ক'ব পাৰোঁ- জাহ্নু বৰুৱা সমান্তৰাল ধাৰাৰ ছবিৰ পৰিচালক।
শৈশৱৰ সপোন:
নাই, চিনেমা পৰিচালনা কৰাৰ সপোন শৈশৱত এবাৰো অহা নাছিল আজিৰ সচেতন পৰিচালক, "অসম গৌৰৱ" জাহ্নু বৰুৱাৰ। শৈশৱত সপোন দেখিছিল-- উৰাজাহাজাত উৰি ফুৰাৰ, সাগৰ চোৱা। পৰিচালকগৰাকীৰ ভাষাত- "...শিশু চৰিত্ৰসমূহত মোৰ নিজৰ ল'ৰালি কালৰ কিছুমান ঘটনা, ইচ্ছা অৱশ্যেই প্রতিফলিত হৈছে। সাগৰ চোৱা মোৰ এক ধৰণৰ ইচ্ছা আছিল আৰু সাগৰ দেখি কেনে লাগিব সেয়া ভাবি ভাল লাগিছিল। মই ঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ বাবে সাগৰখনে মোৰ দৃষ্টিত বেলেগ ধৰণে ধৰা দিলে।...
কিন্তু মোৰ মনলৈ আজিও বাৰে বাৰে আহে-- সাগৰ নেদেখা সেই 'মই'জনৰ কথা। সাগৰ কিমান দ, কিমান বিশাল হ'ব? সাগৰক মই প্রতীকৰূপে ব্যৱহাৰ কৰিছোঁ। চিনেমাৰ মাজেৰে মই ক'ব খুজিছোঁ যদি সৰু ল'ৰা-ছোৱালীৰ কোনো ধৰণৰ হাবিয়াস থাকে, কিবা এটা কৰাৰ ইচ্ছা থাকে, ডাঙৰসকলে সহায় কৰিব লাগে। সাগৰ চাম চাম বুলি ভাবি থকা শিশু এজনে যেতিয়া সঁচাসঁচি সাগৰ দেখা পায়, তেতিয়া শিশুজনৰ মনৰ অনুভূতি কেনে হ'ব পাৰে সেয়া ডাঙৰে উপলব্ধি কৰা উচিত।
? সাগৰ চোৱাৰ বাহিৰে কিশোৰ জাহ্নু বৰুৱাৰ কিবা সপোন...?
আমাৰ প্ৰশ্নৰ উত্তৰত জাহ্নু দাই ক'লে-- মহাকাশলৈ যোৱাৰ সপোন দেখিছিলোঁ। মই তেতিয়া স্কুলত পঢ়ি আছোঁ। এদিন বাতৰিকাকতত এটা খবৰ ওলাল-- কেতিয়াবা ভাৰতে যদি মহাকাশলৈ কাৰোবাক পঠিয়ায়, কাৰ কাৰ মহাকাশলৈ যোৱাৰ ইচ্ছা আছে লিখি জনাব পাৰে। তেতিয়া ময়ো লিখি পঠিয়াইছিলোঁ।
? চিনেমৰ প্ৰতি আকর্ষণ কেতিয়া অনুভৱ কৰিলে?
কলেজ পোৱাৰ পাছত।... কুৰুশ্ব'বা, সত্যজিৎ ৰায় আদিৰ চিনেমাইয় মোক মাধ্যমটোৰ প্ৰতি আকর্ষণ কৰিছিল।
? চিনেমা পৰিচালনাৰ ক্ষেত্ৰত খোজ দিয়াৰ পাছত, আজি কোনগৰাকী পৰিচালকৰ বিষয়বস্তু নির্বাচনে আপোনাক আকৰ্ষণ কৰে?
: ঋত্বিক ঘটক, জি অৰবিন্দম আৰু গিৰীশ আছৰাৱলীৰ...।
?...আৰু "ট্রিটমেন্ট'?
: কোনো বিশেষ পৰিচালকৰ চিনেমাৰ 'ট্রিটমেন্ট'-এ নহয়, পৰিচালকৰ কোনো কোনো 'ছিকুবেন্স'ৰ ট্রিটমেন্টেহে মোক আকৰ্ষিত কৰে।
যি কৰিছোঁ নিজৰ চেষ্টাতে কৰিছোঁ:
আমাৰ আলাপৰ গতি মসৃণ নাছিল। যেনিয়ে-তেনিয়ে গৈছিল। ইয়াৰ কাৰণ হ'ব পাৰে পৰিচালকগৰাকীয়ে আমাক দিয়া সময় কম, সুধিবলৈ আছিল বহু প্রশ্ন। পৰিচালক গৰাকীয়ে অসমীয়া চিনেমাৰ উত্তৰণৰ বাবে, "চিনেমাৰ সুস্থ পৰিবেশ" নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে মন নিদিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল। কৈছিল-- "অসমত সুস্থ চিনেমা নৰ্মাণ কৰিব পৰা পৰিচালক আছে। চৰকাৰে এই সকল পৰিচালকক চিনেমা নিৰ্মাণত সহায় কৰিব লাগে। সুস্থ চিনেমাৰ পৰিবেশ, দৰ্শক নিৰ্মাণত চৰকাৰে সহায় কৰিব লাগে। কিন্তু এই দিশত চৰকাৰে মন নিদিয়ে। আমি যি কৰিছোঁ, কৰি আছোঁ নিজৰ চেষ্টাতে কৰি আছোঁ।..."
? চিনেমাৰ সংখ্যা কিন্তু বেছ বাঢ়িছে...?
: বাঢ়িছে, কিন্তু আশা কৰিব লগা একো দেখা নাই। ব্যৱসায়ৰ কথা মনত ৰাখি চিনেমা কৰিবলৈ আহিলেও পৰিচালকৰ পৰিচালনাৰ জ্ঞানৰ প্ৰয়োজন। কিন্তু শেহতীয়াভাৱে চিনেমা পৰিচালনা কৰিবলৈ অহা কেইজনৰনো আছে...!
--উৎপল মেনা
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন