["পদুম বৰুৱা" চৰ্চা কৰিছিলোঁ দৈনিক কাকত "আজি"ত, কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ "আদেশ", লেখক-অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ তাগিদাত। "জয়মতী"ৰে আৰম্ভ হোৱা অসমীয়া চিনেমাৰ সৱল শৈলীক আৰু এখোজ আগবঢ়াই নিয়া পৰিচালক গৰাকীক তিনিবাৰ লগ কৰিছিলোঁ। পৰিচালক গৰাকীয়ে কোৱা কথাৰে যুগুত কৰিছিলোঁ, এই লেখা। যেনেদৰে ছপা হৈছিল, তেনেদৰে আগবঢ়ালোঁ।]
"সপোন বোলা বস্তুটো মই বেয়া পাওঁ। মোৰ চিনেমাখনত কোনো সপোন নাই। দর্শকক সপোন দেখুৱাব খোজা নাই। বাস্তৱৰ মুখামুখি কৰাব খুজিছোঁ।" --এয়া পদুম বৰুৱাই কোৱা কথা। তেওঁ পৰিচালনা কৰা একমাত্র চিনেমা "গঙাচিলনীৰ পাখি"ৰ প্রসংগত কৈছিল এই কথা। সন্দেহ নাই যে পদুম বৰুৱাৰ এই অসমীয়া চিনেমাখন আজিৰ তাৰিখতো অসমৰ চিত্ৰৰসিকৰ বাবে গৌৰৱ। এই লেখাৰ প্ৰসংগ পিছে 'গঙাচিলনীৰ পাখি' নহয়, পদুম বৰুৱাহে।
চিনেমাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ আছিল পদুম বৰুৱাৰ। তেতিয়া তেওঁৰ বয়স ন নে দহ। তেওঁ ঠিক কৰিছিল-- যিকোনো প্ৰকাৰে চিনেমা এখন চাব! চোৱাৰ সুযোগো পালে। ডগলাছ ফেয়াৰবেংকছৰ (Douglas Fairbanks) নিৰ্বাক ছবি এখন। তাৰ পাছত ১৯৩৫ চনত যোৰহাটৰ ভ্ৰাম্যমাণ ছবিগৃহত "জয়মতী" চোৱাৰ সুযোগ পালে। মূলতঃ এই দুখন চিনেমাই পদুম বৰুৱাক "চিনেমা অনুভৱ" কৰিবলৈ শিকালে। তেওঁ মাধ্যমটোৰ গভীৰতা উপলব্ধি কৰিলে পুডভকিনৰ (Vsevolod Illarionovich Pudovkin) "চুভৰভ" (Suvorov)
চোৱাৰ পাছত। এইবোৰ কথা দক্ষ পৰিচালক গৰাকীয়ে আমাক (অধুনালুপ্ত দৈনিক কাকত "আজি"ৰ হৈ গ্ৰহণ কৰা সাক্ষাৎকাৰত) কৈছিল। আৰু কৈছিল, তেওঁক চিনেমা মাধ্যমটোৰ প্ৰতি অধিক আগ্রহী কৰি তুলিছিল চার্লি চেপলিন (Sir Charles Spencer Chaplin), জন ফ'ৰ্ড (John Ford), ভিক্টৰ ফ্লেমিং (Victor Fleming), হিচকক (Alfred Hitchcock), উইলিয়াম ৱাইলাৰ (William Wyler)-ৰ চিনেমাই। আৰু তেওঁ চিনেমাৰ মাজত সোমাই পৰিছিল মেলভিলৰ (melville) "দি ফিল্ম" নামৰ কিতাপখন পঢ়াৰ পাছত। তেওঁৰ মনলৈ আহিল তেওঁৰ দ্বাৰা চিনেমা পৰিচালনা কৰিব পৰা নাযাব কিয়?
পদুম বৰুৱাৰ কেৱল তেনে আগ্রহ নাছিল-- এদিন চিনেমা পৰিচালনা কৰিব। তেওঁৰ মূল উদ্দেশ্য আছিল তেওঁ কাম কৰা সমাজখনত চিনেমাৰ সুস্থ পৰিবেশ গঢ়ি তুলিব আৰু তাৰেই এটা অংশ হ'ল সুস্থ চিনেমা পৰিচালনা।
কাশীত 'অধ্যয়ন' কৰি থকা সময়ত ভালেমান শ্রেষ্ঠ চিনেমা চোৱাৰ, চৰ্চা কৰাৰ সুযোগ পায়ছিল পদুম বৰুৱাই। তেওঁ উপলব্ধি কৰে ভাল চিনেমা চালেই নহ'ব। চোৱাৰ পাছত চৰ্চাৰো প্ৰয়োজন। তেতিয়াহে সুস্থ চলচ্চিত্র আন্দোলন সম্ভৱ হ'ব পাৰে। 'পঢ়া-শুনা' শেষ কৰি যেতিয়া ১৯৪৮ চনত অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ চাকৰিত যোগ দি শ্বিলঙত থাকিবলৈ লয়, তেতিয়া চিনেমা চোৱা, চৰ্চা কৰাত গুৰুত্ব দিলে। গঠন হ'ল ফিল্ম ছ'চাইটী। ১৯৬৩ চনত শ্বিলঙৰ ফিল্ম ছ'চাইটীৰ বেনাৰত সত্যজিৎ ৰায়ৰ "পথেৰ পাঁচালী" প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। এই চিনেমাখন প্রদর্শন হোৱাৰ পাছত পদুম বৰুৱাই উপলব্ধি কৰে-- "পথেৰ পাঁচালী"ৰ শৈলীৰ চিনেমা অসমীয়া ভাষাতো সম্ভব। অৱশ্যে সেই সময়ত অসমীয়া চিনেমাৰ 'বজাৰ' আছিল অতি দুখলগা। তথাপি তেওঁৰ মনৰ ভাব বুজি আগবাঢ়ি আহিছিল মহম্মদ ছাদুল্লা। তাৰ পাছত...?
মহম্মদ ছাদুল্লাৰ প্রস্তাৱ-- "মনৰ মাজতে আৰু কিমান দিন ৰাখিব। কিবা এটা কৰি পেলোৱা উচিত। মই উপন্যাস এখন আনিছোঁ। এই উপন্যাসৰ কাহিনীভাগ লৈয়ে আগবাঢ়িব নোৱাৰোঁনে?..." উপন্যাসখনৰ নাম 'গঙাচিলনীৰ পাখি'। লক্ষ্মীনন্দন বৰাৰ উপন্যাস। প্রথমে পদুম বৰুৱাই গুৰুত্ব দিয়া নাছিল। কিন্তু হাতত তুলি লোৱাৰ পাছত, যেতিয়া ক্রমে উপন্যাসখনৰ মাজত সোমাই পৰিল, অনুভৱ কৰিলে-- হয়, পৰা যায়। চিত্রনাট্য ৰচনাৰ কাম আগবাঢ়িল। লগে লগে ব্যস্ত হৈ পৰিল অভিনেতা-অভিনেত্রী, বিশেষকৈ মূল 'নায়িকা'ৰ সন্ধানত। প্রথমে ঠিক কৰিলে সত্ৰৰ গোসাঁইৰ ছোৱালী এগৰাকী। ঘৰত আপত্তি। ছোৱালীগৰাকীয়ে কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ অনুমতি নাপালে। নায়িকাৰ ছাদুল্লা ব্যস্ত হ'ল ভ্রাম্যমাণ থিয়েটাৰত। পদুম বৰুৱা অন্য স্থানত। অৱশেষত পদুম বৰুবাই টীয়ক কলেজত "নায়িকা" গৰাকী বিচাৰি পালে। নাম বীণা বাৰৱতী। কাম আৰু কিছু আগবাঢ়িল। পদুম বৰুৱাই শেষত হাতত থকা নিজৰ সঞ্চিত কিছু টকা ছাদুল্লাক দিলে কলকাতালৈ যাবলৈ। প্ৰাৰম্ভিক কামৰ বাবে। কেমেৰামেন ঠিক কৰা হ'ল নলীন দুৱৰাক। কলকাতাৰ পৰা সহায় কৰাৰ বাবে আহিল ফটিক মজুমদাৰ।
তেনেতে সমস্যা এটা হ'ল, যাৰ বাবে নলীন দুৱৰাই দায়িত্ব ল'ব নোৱাৰিলে আৰু কেমেৰাৰ দায়িত্ব দিয়া হ'ল ইন্দুকল্প হাজৰিকাক। ১৯৬৮ চনৰ মে' মাহত 'গঙাচিলনীৰ পাখি'ৰ শুভ মহুৰৎ হ'ল। ...আকৌ সমস্যা। এইবাৰ টকাৰ। সহায়ৰ হাত আগবঢ়ালে মাতৃয়ে। মাকৰ পৰা ৭,০০০ টকা লৈ আৰু কিছু কাম
আগবঢ়ালে। ৰাজ্যিক লটাৰী বিভাগৰ পৰাও ৩০,০০০ টকা ল'লে, ওভতাই দিয়াৰ চুক্তিৰে। তেনেদৰে ১৯৭২ চনত চিনেমাখনৰ চিত্ৰগ্ৰহণৰ কাম কোনোমতে শেষ কৰে। বাকী কামখিনি শেষ কৰে অসম ফিল্ম ফাইনেন্স ডেভেলপমেন্ট কৰ্প'ৰেচনৰ পৰা তিনিটা কিস্তিত উলিয়াবলৈ সক্ষম হোৱা ৪৫,০০০ টকাৰে। উলিয়াবলৈ সক্ষম হোৱা বুলি এই কাৰণেই কৈছোঁ, এই টকাখিনিৰ বাবে পদুম বৰুৱাই অন্য এক সংগ্রাম কৰিবলৈ বাধ্য হৈছিল। সেয়া যি কি নহওক, ১৯৭৬ চনত চিনেমাখন সম্পূর্ণ হয় আৰু চিত্ৰগৃহলৈ আহে সেই বছৰটোৰে ১২ মাৰ্চত। পদুম বৰুৱা আছিল সংগীত জনা মানুহ, সংগীত বুজা মানুহ। সেয়ে 'গঙাচিলনীৰ পাখি'ৰ সংগীত ৰচনাৰ কাম আনক দিয়া নাছিল। নিজে কৰিছিল। তেওঁ চিনেমাখনৰ চৰিত্ৰ, পৰিৱেশ আদিৰ লগতে সংগীতকো 'বাস্তৱ'ত ৰাখিবলৈ চেষ্টা কৰিছিল। "বাস্তৱ"ৰ পৰা বুটলি আনিছিল সংগীতকো। তেওঁ তেতিয়া যোৰহাটত বাঁহীবাদনৰ শিক্ষাদান কৰে। যোৰহাটত যিটো ঘৰত আছিল, তাৰ ওচৰতে আছিল এগৰাকী যুৱতী। হয়তো সেই যুৱতীৰ সৈতে যুৱক এজনৰ প্ৰেমৰ সম্পৰ্ক হয়, কাৰণ জনা নাযায়-- প্রতিটো নিশা হাতত বীণ এখন লৈ যুৱকে কিয় যুৱতীৰ ঘৰৰ ওচৰ চাপে? কিয় বীণত কৰুণ সুৰ বজায়? সেয়া যি কি নহওক, বীণৰ সেই কৰুণ সুৰে বিশাল গভীৰতা বঢ়াইছিল। চিনেমাখনত তেনে পৰিৱেশ এটা 'ৰচনা' কৰিবলৈও পদুম বৰুৱাই সেই যুৱকগৰাকীয়ে বজোৱাৰ দৰে বীণৰ সুৰ ব্যৱহাৰ কৰিছিল। তেনেদৰে 'বাস্তৱতা'ৰ স্বাৰ্থত এটা গীত গোৱাইছিল যোৰহাটৰ ফুটপাথত বহি সুৰেৰে জীৱিকা চলাই থকা তিতাবৰৰ মাণিক সন্দিকৈৰ হতুৱাই।
--উৎপল মেনা
১৮/১২/২০০২
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন