কি আছে-- "ভিলেজ ৰকষ্টাৰ্ছত"? এটা সৰল কাহিনী, গম্ভীৰ বিষয়বস্তু। কাহিনীৰ কেন্দ্রবিন্দু ধুনু নামৰ এগৰাকী কিশোৰী (চৰিত্ৰটোত নিৰ্মাণ কৰিছে ভনিতা দাসকলৈ)। ধুনুৰ দেউতাক নাই। মাকেই যেন সকলো। 'ছোৱালী হৈয়ো ...' তাই ল'ৰাৰ স'তে ওমলে। ল'ৰাবোৰৰ সৈতে ঘূৰি ফুৰে। তাতেই যেন তাই জীৱনৰ ছন্দ বিচাৰি পায়। লোকে কয়-- ধুনু ছোৱালী, ছোৱালীৰ দৰে আচৰণ কৰিব লাগে। তাইক গাঁৱৰ মহিলাকেইগৰাকীমানে তিৰস্কাৰো কৰে--ছোৱালী হৈ ছোৱালীৰ দৰে নাথাক কিয়! --মাকে কিন্তু সদায় ধুনুৰ পক্ষ লয়। মাকে ধুনুক সাহসী হ'বলৈ কয়, সাঁতুৰিবলৈ শিকায়। মাকে কয়, সাঁতুৰিবলৈ নিশিকা বাবেহে তাইৰ দেউতাক বানত বুৰি মৰিল।
কষ্টৰ বোজা লৈ জীৱনৰ বাটত আগবঢ়া ধুনুৱে এদিন দেখিলে--কেইজনমান ল'ৰাই টেপত এটা জনপ্রিয় গীত বজাইছে; আৰু ল'ৰাকেইজনে থার্মোকলেৰে সাজি লোৱা গীটাৰ-ড্রাম আদি লৈ বজোৱাৰ দৰে আচৰণ কৰিছে। মাকৰ সৈতে ফুৰিবলৈ গৈ দেখা সেই আচৰণে ধুনুক চুই যায়। পিছত তাইয়ো লগৰ ল'ৰাকেইজনমানৰ সৈতে তেনে আচৰণ কৰিব ধৰিলে। আৰু এদিন তাই মাকক ক'লে, তাইক এখন আচল গীটাৰ লাগে। --আৰম্ভ হয় ধুনুৰ সপোন। সপোনৰ লগত আগবাঢ়ে সময়। ধুনু গাভৰু হয়। গাঁৱৰ তিৰোতাসকলে ৰীতি-নীতি পালনৰ মাজেৰে কিছুমান 'পাঠ' দিয়ে। সেই পাঠ আছিল 'গাভৰু ধুনু' সজাত বন্দী হোৱাৰ পাঠ। কিন্তু তাই সজাত বন্দী হৈ নাথাকিল। এদিন মাকে পুৰণি গীটাৰ এখন কিনি আনি ধুনুৰ হাতত দিয়ে। মাকৰ চেহেৰাত গর্ব।
一গীটাৰৰ তাঁৰত ধনুৱে আঙুলি বুলায়। শব্দ হয়। শব্দত সুৰ নাথাকে। সুৰ নথকা সেই শব্দৰ সৈতে তাল মিলাই ল'ৰাহঁতে নাচ আৰম্ভ কৰি দিয়ে। কাহিনীৰ মাজলৈ মুনু নামৰ ছাগলী এটাও আহে। ছাগলীটোৰ সৈতে ধুনুব আত্মিক সম্পৰ্ক চিত্রায়ণ কৰে। কাহিনীত দেখা যায় এবাৰ মাকে মুনু নামৰ এই ছাগলীজনীক বিক্ৰী কৰি এখন গীটাৰ কিনিব নেকি বুলি মাকে প্রশ্ন কৰে, মাকৰ প্রশ্নত ধুনুৱে হাহাকাৰ অনুভৱ কৰে। সেই মুনু এদিন হেৰাই থাকে। এই যে মুনু হেৰাই থাকে, সেইখিনিতে পৰিচালকে কেমেৰাৰ ভাষাৰে হৃদয় চুই যোৱা 'খেল খেলে'। মন-মগজু চুই যোৱা এই ছিকুৱেন্স দর্শকৰ মনত যে সেউজ হৈ থাকিব সন্দেহ নাই।
এতিয়া আহিছোঁ বিষয়বস্তুলৈ। ধুনুৰ 'সপোন'ৰ লগতে চিনেমাখনৰ বিষয়বস্তু বানে গৰকা এখন গাঁও। প্রতি বছৰে খেতি কৰে। প্ৰতি বছৰে গাঁওখন বানৰ কবলত পৰে।
পানীয়ে খেতি নষ্ট কৰিব বুলি জানিও খেতি কিয় কৰে?--ধুনুব প্রশ্ন। মাকে কয়-- 'কর্মই ধর্ম'।
কাহিনীৰে বিষয়বস্তু অতি সুন্দৰভাৱে কেমেৰাৰ ভাষাৰে 'আঁকিছে' পৰিচালকে। কোনো এটা ছিকুৱেন্সতে "যান্ত্ৰিকতা"নাই। নিৰ্মল প্ৰাকৃতিক ছন্দ ৰূপালী গল্পটোৰ সৌন্দৰ্য। এই চিনে সৌন্দর্যই হৈছে চিনেমাখনৰ মূল সম্পদ। তেনেদৰে চৰিত্ৰ নিৰ্মাণ কৰিছে বাস্তৱিক অভিনয় (realistic acting)-ৰে। ছয়গাৱৰ (চিনেমা খনৰ পটভূমি) বাস্তৱৰে যেন "চৰিত্ৰ"! (চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা: ছয়গাৱৰ প্ৰচলিত ভাষা।)
শেষত:
পৰিচালক, চিত্ৰনাট্যকাৰ, চিত্ৰগ্ৰহণকাৰী ৰীমা দাস চৰ্চাৰ বিষয় হৈ পৰিছে 'চিনেমাৰ পৃথিৱী'ত। "অস্কাৰ দৌৰ"তো অংশ লৈছে।
প্রযোজক, পৰিচালক, চিত্রগ্রহণ, সম্পাদনা, সংগীতঃ * বীমা দাস, অভিনয়তঃ বনিতা দাস, মানরেন্দ্র দাস, বাসন্তী দাস, বিষ্ণু কলিতা, বিংকু দাস, বলোৰাম দাস, কুলদা কুমাৰ ভট্টাচার্য, চিত্রগৃহলৈ আহিছিল: ২৮ ছেপ্টেম্বৰ, ২০১৮
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন