["সাগৰলৈ বহু দূৰ" চিনেমা খনৰ এই চৰ্চা প্ৰকাশ পাইছিল অধুনালুপ্ত সাপ্তাহিক কাকত "জনক্ৰান্তি"ত। যেনেদৰে প্ৰকাশ পাইছিল, তেনেদৰে আগবঢ়ালোঁ। আজিৰ তাৰিখত চিনেমা খনৰ #চৰ্চা স্বাভাৱিকতে এনেৰণৰ নহব। ]
#সাগৰলৈ_বহু_দূৰ তিনিটা জেনেৰেচনৰ কাহিনী। আর্থ-সামাজিক অৱস্থাৰ পটভূমিত তিনিটা জেনেৰেচনৰ সংঘাত আৰু প্রতিক্রিয়া হ'ল চিনেমা খনৰ বিষয়বস্তু।
#ৰূপালী গল্পটোৰ মূল বিন্দু এজন নাৱৰীয়া। পোৱাল দিহিঙীয়া। আদবয়সীয়া ঘাটুৱৈ পোৱাল দিহিঙীয়া, যাৰ ককাক, দেউতাক আৰু সৰু পুতেকজনো আছিল ঘাটুৱৈ। সৰু পুতেক-বোৱাৰীয়েকৰ মৃত্যুৰ পিছত নাতিয়েকৰ সৈতেই পোৱাল দিহিঙীয়াৰ সংসাৰ। নাতিয়েকক লৈয়ে তেওঁৰ সপোন। গাঁওখনৰ মানুহক ইপাৰ-সিপাৰ কৰিয়ে চলাই থাকে তেওঁলোকৰ সংসাৰ। কিন্তু দিহিং নৈৰ ওপৰত দলং এখন হোৱাত পৰিয়ালৰ জীৱিকাৰ পথ বন্ধ হয়। উপায়বিহীন পোৱালে দলংখনৰ ওপৰতে প্রতিশোধ ল'ব খোজে যদিও নাতিয়েকৰ বাধাই তেওঁৰ সম্বিৎ ফিৰাই আনে। নতুন জীৱিকাৰ পথৰ সন্ধান কৰে পোৱাল দিহিঙীয়াই।
চিনেমি খনত উপ-কাহিনী এটাও আছে। পোৱাল দিহিঙীয়াৰ বৰপুত্ৰৰ পিতৃৰ প্ৰতি অকণো অনুকম্পা নাই। দিহিঙীয়াৰ নামত চহৰত থকা মাটিখিনি বিক্ৰী কৰাৰ স্বাৰ্থতেই ভালৰি লগাই মাতি পঠিয়ায়, আৰু পুতেক-বোৱাৰীয়েকে তেওঁক কৃত্রিমভাবে সোধা-পোছা কৰে; যিটো কথা পিছত জানিব পাৰি তেওঁ আঘাত পায়।
#জাহ্নু বৰুৱাৰ এই চিনেমা খনৰ প্ৰধান সৌন্দৰ্য গল্প, গল্প কোৱাৰ শৈলী। পৰিপাটি, স্পষ্ট গল্পৰ গতি।
খোকোজা নলগাকৈ আগবঢ়াই নিছে কাহিনীৰ লগতে উপ-কাহিনী। মনৰ বিপৰীতে গৈ দলং সজা কামত সমর্থন দিয়া আৰু দলং সাজোঁতে সহায় কৰা অৱস্থাত দিহিঙীয়াৰ মুখত ফুটি উঠা অভিব্যক্তি ধৰি ৰখা শ্বটকেইটাই আমাক, চিত্ৰৰসিকক চুই গৈছে। সন্দেহ নৰখাকৈ ক'ব পাৰি বিষ্ণু খাৰঘৰীয়াৰ স্পৰ্শকাতৰ অভিনয় ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য। এই খিনিতে এনেদৰে ক'ব পাৰি-- চৰিত্ৰ নিৰ্মাণ পৰ্ব পৰিপাটি, বাস্তৱৰ ওচৰৰ (শিশুশিল্পী সুশান্ত বৰুৱা, অৰুণ নাথ, কাশ্মীৰী শইকীয়া, মিৰেল কুদ্দুছকে ববি প্রতিগৰাকী শিল্পী নিজৰ নিজৰ চৰিত্ৰটোৰ সৈতে একাত্ম হৈ পৰিছে যদিও সকলোকে নিষ্প্রভ কৰি পেলাইছে বিষ্ণু খাৰঘৰীয়াই। দাৰা আহমেদৰ 'বিক্সাৱালা', হেৰাই যোৱা 'বৃষ্টি'ৰ বিষ্ণু খাৰঘৰীয়াক আমি ওভতাই পালোঁ 'সাগৰলৈ বহু দুৰ'ত। আগতকৈও সুন্দৰ ৰূপত।)। মন কৰিবলগীয়া আন এটা দিশ হ'ল সহজ-সৰল সংলাপৰ ব্যৱহাৰ (বাস্তৱৰ ওচৰৰ সংলাপ প্ৰয়োগ)। কোনো এটি সংলাপেই মাত্রা চেৰাই যোৱা নাই। যিটো চৰিত্ৰৰ মুখত যেনেধৰণৰ সংলাপ দিয়া উচিত, তেনে সংলাপেই ব্যৱহাৰ কৰা হৈছে।
ছিকুৱেন্স নিৰ্মাণ, শ্বটৰ গাণিতিক আৰু কলাত্মক প্ৰয়োগ (স্বাভাৱিকতে দৃশ্যগ্রহণকাৰী পি ৰাজনকো অৱশ্যেই ধন্যবাদ জনাব লাগিব।), সংগীত প্ৰয়োগৰ (ছিকুৱেন্সক প্রাণ দিছে প্রয়াত সত্য বৰুৱাৰ সংগীতে।) লগতে মেদহীন সাহিত্যৰ ভাষা প্ৰয়োগ ৰূপালী গল্পটোৰ ইতিবাচক দিশ।
কাহিনীৰ গতিত কম ফুটেজতে বহু কথা কৈছে পৰিচালকে। এয়া চিনেমা খনৰ আন এক সৌন্দৰ্য। উদাহৰণ: (ক) পোৱাল দিহিঙীয়াই গাত চাদৰ এখন মেৰিয়াই নৈৰ ঘাটলৈ গৈ ব্যায়াম কৰি, প্ৰাতঃকৰ্ম কৰি ঘুৰি অহাৰ একেখিনি কথাকেই পুনৰ দেখুওৱা হৈছে
নাতিয়েকৰ ক্ষেত্ৰত।
(খ) চহৰত টিভিত দেখা পাশ্চাত্য সংস্কৃতিৰ অনুকৰণ কৰিছে দিহিঙীয়াৰ নাতিয়েকে। বিছনাৰ ওপৰত উলংগ হৈ নাচি গাইছে 'আমি অসমীয়া নহওঁ দুখীয়া...'। (এনে ধৰণৰ ছিকুৱেন্সে কাহিনীক আৰু বাস্তৱৰ ওচৰ চপাই।)
শেষত:
দলং এখন পর্যায়ক্রমে সাজি, অসমীয়া ছবিৰ সীমিত বাজেটেৰে পর্যায়ক্রমে দৃশ্যগ্রহণ কৰা সম্ভৱ নহয়। অসম্ভৱটোকে সম্ভৱ কৰি তোলা হ'ল 'সাগৰলৈ বহু দূৰ'ত। ইয়াৰ বাবে প্রযোজক, পৰিচালকক ধন্যবাদ দি আমাৰ প্ৰশ্ন, পৰিচালক জাহ্নু বৰুৱাক: চিনেমা খনৰ কাহিনীভাগ এটা ঋতু বা কালতে আবদ্ধ আছিল নেকি? নদীৰ সোঁতত কিন্তু ঋতু পৰিৱৰ্তনৰ কোনো চিন দেখা নগ'ল।
#উৎপল_মেনা
১০/১৯৯৫
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন