সরাসরি প্রধান সামগ্রীতে চলে যান

সাগৰলৈ বহু দূৰ /চিনেচৰ্চা

["সাগৰলৈ বহু দূৰ" চিনেমা খনৰ এই চৰ্চা প্ৰকাশ পাইছিল অধুনালুপ্ত সাপ্তাহিক কাকত "জনক্ৰান্তি"ত। যেনেদৰে প্ৰকাশ পাইছিল, তেনেদৰে আগবঢ়ালোঁ। আজিৰ তাৰিখত চিনেমা খনৰ #চৰ্চা স্বাভাৱিকতে এনেৰণৰ নহব। ]


#সাগৰলৈ_বহু_দূৰ তিনিটা জেনেৰেচনৰ কাহিনী। আর্থ-সামাজিক অৱস্থাৰ পটভূমিত তিনিটা জেনেৰেচনৰ সংঘাত আৰু প্রতিক্রিয়া হ'ল চিনেমা খনৰ বিষয়বস্তু। 

#ৰূপালী গল্পটোৰ মূল বিন্দু এজন নাৱৰীয়া। পোৱাল দিহিঙীয়া। আদবয়সীয়া ঘাটুৱৈ পোৱাল দিহিঙীয়া, যাৰ ককাক, দেউতাক আৰু সৰু পুতেকজনো আছিল ঘাটুৱৈ। সৰু পুতেক-বোৱাৰীয়েকৰ মৃত্যুৰ পিছত নাতিয়েকৰ সৈতেই পোৱাল দিহিঙীয়াৰ সংসাৰ। নাতিয়েকক লৈয়ে তেওঁৰ সপোন। গাঁওখনৰ মানুহক ইপাৰ-সিপাৰ কৰিয়ে চলাই থাকে তেওঁলোকৰ সংসাৰ। কিন্তু দিহিং নৈৰ ওপৰত দলং এখন হোৱাত পৰিয়ালৰ জীৱিকাৰ পথ বন্ধ হয়। উপায়বিহীন পোৱালে দলংখনৰ ওপৰতে প্রতিশোধ ল'ব খোজে যদিও নাতিয়েকৰ বাধাই তেওঁৰ সম্বিৎ ফিৰাই আনে। নতুন জীৱিকাৰ পথৰ সন্ধান কৰে পোৱাল দিহিঙীয়াই। 

চিনেমি খনত উপ-কাহিনী এটাও আছে। পোৱাল দিহিঙীয়াৰ বৰপুত্ৰৰ পিতৃৰ প্ৰতি অকণো অনুকম্পা নাই। দিহিঙীয়াৰ নামত চহৰত থকা মাটিখিনি বিক্ৰী কৰাৰ স্বাৰ্থতেই ভালৰি লগাই মাতি পঠিয়ায়, আৰু পুতেক-বোৱাৰীয়েকে তেওঁক কৃত্রিমভাবে সোধা-পোছা কৰে; যিটো কথা পিছত জানিব পাৰি তেওঁ আঘাত পায়।

#জাহ্নু বৰুৱাৰ এই চিনেমা খনৰ প্ৰধান সৌন্দৰ্য গল্প, গল্প কোৱাৰ শৈলী। পৰিপাটি, স্পষ্ট গল্পৰ গতি।

খোকোজা নলগাকৈ আগবঢ়াই নিছে কাহিনীৰ লগতে উপ-কাহিনী। মনৰ বিপৰীতে গৈ দলং সজা কামত সমর্থন দিয়া আৰু দলং সাজোঁতে সহায় কৰা অৱস্থাত দিহিঙীয়াৰ মুখত ফুটি উঠা অভিব্যক্তি ধৰি ৰখা শ্বটকেইটাই আমাক, চিত্ৰৰসিকক চুই গৈছে। সন্দেহ নৰখাকৈ  ক'ব পাৰি বিষ্ণু খাৰঘৰীয়াৰ স্পৰ্শকাতৰ অভিনয় ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য। এই খিনিতে এনেদৰে ক'ব পাৰি-- চৰিত্ৰ নিৰ্মাণ পৰ্ব পৰিপাটি, বাস্তৱৰ ওচৰৰ (শিশুশিল্পী সুশান্ত বৰুৱা, অৰুণ নাথ, কাশ্মীৰী শইকীয়া, মিৰেল কুদ্দুছকে ববি প্রতিগৰাকী শিল্পী নিজৰ নিজৰ চৰিত্ৰটোৰ সৈতে একাত্ম হৈ পৰিছে যদিও সকলোকে নিষ্প্রভ কৰি পেলাইছে বিষ্ণু খাৰঘৰীয়াই। দাৰা আহমেদৰ 'বিক্সাৱালা', হেৰাই যোৱা 'বৃষ্টি'ৰ বিষ্ণু খাৰঘৰীয়াক আমি ওভতাই পালোঁ 'সাগৰলৈ বহু দুৰ'ত। আগতকৈও সুন্দৰ ৰূপত।)। মন কৰিবলগীয়া আন এটা দিশ হ'ল সহজ-সৰল সংলাপৰ ব্যৱহাৰ (বাস্তৱৰ ওচৰৰ সংলাপ প্ৰয়োগ)। কোনো এটি সংলাপেই মাত্রা চেৰাই যোৱা নাই। যিটো চৰিত্ৰৰ মুখত যেনেধৰণৰ সংলাপ দিয়া উচিত, তেনে সংলাপেই ব্যৱহাৰ কৰা হৈছে।

ছিকুৱেন্স নিৰ্মাণ, শ্বটৰ গাণিতিক আৰু কলাত্মক প্ৰয়োগ (স্বাভাৱিকতে দৃশ্যগ্রহণকাৰী পি ৰাজনকো অৱশ্যেই ধন্যবাদ জনাব লাগিব।), সংগীত প্ৰয়োগৰ (ছিকুৱেন্সক প্রাণ দিছে প্রয়াত সত্য বৰুৱাৰ সংগীতে।) লগতে মেদহীন সাহিত্যৰ ভাষা প্ৰয়োগ ৰূপালী গল্পটোৰ ইতিবাচক দিশ।

কাহিনীৰ গতিত কম ফুটেজতে বহু কথা কৈছে পৰিচালকে। এয়া চিনেমা খনৰ আন এক সৌন্দৰ্য। উদাহৰণ: (ক) পোৱাল দিহিঙীয়াই গাত চাদৰ এখন মেৰিয়াই নৈৰ ঘাটলৈ গৈ ব্যায়াম কৰি, প্ৰাতঃকৰ্ম কৰি ঘুৰি অহাৰ একেখিনি কথাকেই পুনৰ দেখুওৱা হৈছে

নাতিয়েকৰ ক্ষেত্ৰত।

 (খ) চহৰত টিভিত দেখা পাশ্চাত্য সংস্কৃতিৰ অনুকৰণ কৰিছে দিহিঙীয়াৰ নাতিয়েকে। বিছনাৰ ওপৰত উলংগ হৈ নাচি গাইছে 'আমি অসমীয়া নহওঁ দুখীয়া...'। (এনে ধৰণৰ ছিকুৱেন্সে কাহিনীক আৰু বাস্তৱৰ ওচৰ চপাই।) 

শেষত:

দলং এখন পর্যায়ক্রমে সাজি, অসমীয়া ছবিৰ সীমিত বাজেটেৰে পর্যায়ক্রমে দৃশ্যগ্রহণ কৰা সম্ভৱ নহয়। অসম্ভৱটোকে সম্ভৱ কৰি তোলা হ'ল 'সাগৰলৈ বহু দূৰ'ত। ইয়াৰ বাবে প্রযোজক, পৰিচালকক ধন্যবাদ দি আমাৰ প্ৰশ্ন, পৰিচালক জাহ্নু বৰুৱাক: চিনেমা খনৰ কাহিনীভাগ এটা ঋতু বা কালতে আবদ্ধ আছিল নেকি? নদীৰ সোঁতত কিন্তু ঋতু পৰিৱৰ্তনৰ কোনো চিন দেখা নগ'ল।

#উৎপল_মেনা

১০/১৯৯৫



মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...