সরাসরি প্রধান সামগ্রীতে চলে যান

এখন তথ্যচিত্ৰৰ "সপোন", মকবুল ছাৰ ইত্যাদি

হেমাঙ্গ বিশ্বাসৰ "জিৰণি" (কলকাতা)-ত ৰঙিলি বিশ্বাসৰ সৈতে উৎপল মেনা
---------------------------------------

মানুহ জনৰ সৈতে প্ৰথমবাৰ মুখা-মুখি হৈছিলোঁ, ৮ ছেপ্তেম্বৰত (২০২৪), কলকাতাত। আমি সম্পাদনা কৰা "ভূপেন হাজৰিকা প্ৰকল্প"ৰ চতুৰ্থ গ্ৰন্থ উন্মোচক আছিল।

-- "মানুহ", বিশেষ ধৰ্মৰ ভাষাৰ বৃত্তত বন্দি হৈ নথকা মানুহ। নাম-- ড°শেখ মকবুল ইছলাম, যি গৰাকীক জনা যায় জগন্নাথ মহাপ্রভুৰ প্রতি থকা গভীৰ ভক্তিৰ বাবে, এই বিষয়ত কৰা গবেষণাৰ বাবে। (২০১৫ চনত এই গৱেষণাৰ বাবে লাভ কৰে  ওড়িশাৰ সর্বোচ্চ সম্মান "নবকলেবৰ পুৰস্কাৰ"।)

কোৱা হয়-- "বাংলা সাহিত্যত লোক-সংস্কৃতি বিষয়ত বিজ্ঞানসম্মত আলোচনা আৰু গবেষণাৰ বাট কাটে  মকবুল ইছলামে।" কেৱল বাংলাতে শেষ নহয়, অসমীয়ৰ ভাষা-লোক-সংস্কৃতিয়ো অধ্যয়ণ কৰে, চৰ্চা কৰি আহিছে। চৰ্চাৰ, গৱেষণাৰ এক ফচল-- "Mising-- Folklorography" (প্ৰকাশ: ২০২২)। আমাক চুই যোৱা, ভাল লগা কথা-- এই গৰাকী লেখক-গৱেষকে অসমীয়া ভাষা শিকি, অসমীয়া ভাষাত অসম কেন্দ্ৰিক কেইবাখনো গ্ৰন্থ লিখিছে। প্ৰথম বাৰ মুখা-মুখি হোৱাৰ সময়ত আমাৰ হাতত তুলি দিছিল-- "কাৰবি ডিছ্‌কোৰ্ছ-ৰংবং তেৰাঙৰ নিৰ্বাচিত প্রবন্ধ: সাহিত্যতাত্ত্বিক বোধান্বয়ন", "Bishnuprasad Rabha-Bhupen Hazarika:Bengal-Assam Cultural Relation (বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা), "বাংলা-অসম: বিদ্যায়তনিক-সাংস্কৃতিক বিনিময়" আদিৰ লগতে "Bengal-Assam 20th Century Perspective (Cazi Nazrul, Jyotiprasad, Bishnu Rabha, Bhupen Hazarika) আৰু বাংলাত লিখা "ভূপেন হাজরিকা: বিশ্বসংস্কৃতির কণ্ঠস্বর"। লেখক-গৱেষক গৰাকীয়ে এবাৰো ভূপেন হাজৰিকাক লগ পোৱা নাই; কিন্তু "ভূপেন হাজৰিকা" বিষয়ত নজনা কথা নাই! আমাৰ গ্ৰন্থ উন্মচন কৰি দিয়া ভাষণত কৈছিল-- "ভূপেন সাজৰিকা অসম আৰু পশ্চিমবংগৰ মাজত এক সমন্বয়ৰ সাঁকো।" 

আৰু দ্বিতীয়বাৰ মুখা-মুখি হোৱাৰ সময়ত কৈছিল-- "ভূপেন হাজৰিকাক মই কোনো দিনে লগ পোৱা নাই; কিন্তু তেওঁ মোৰ অতি ওচৰৰ। প্ৰতিটো গীতেই মোক চুই যায়, চুই থাকে।"

দ্বিতীয়বাৰক মুখা-মুখি বুলি নকৈ আলহী হোৱা বুলি ক'লেহে শুদ্ধ হ'ব!

("সপোন" এটা লৈ গৈছিলোঁ! কিছু দিন পূৰ্বে অসমৰ এগৰাকী নাট্যকৰ্মী নিৰ্মল দাসক এটা "সপোন"ৰ কথা কৈছিলোঁ। মকবুল ছাৰৰ লগতে ৰঙিলি বিশ্বাস আৰু কেইগৰাকীমান ভূপেন হাজৰিকা কেন্দ্ৰিক চৰ্চাত নিজকে ব্যস্ত ৰখা "ভূপেন্দ্ৰ-প্ৰেমী"ৰ কথা কৈছিলোঁ। নিৰ্মল দাসে "কৰিম" বুলিছিল। অৱশ্যে মোৰ "সপোন" সপোন হৈয়ে থাকিল!-- এই প্ৰসংগত আগলৈ চৰ্চা কৰিম। চৰ্চা কৰিম-- কলাজ-চিনেমানো কি? তথ্যচিত্ৰৰ সৈতে কলাজ-চিত্ৰৰ সম্পৰ্ক আছে নে?)

 পুৱা ৫ বজাৰ আগতে কলকতা পাইছিলোঁ। আমাৰ অপেক্ষাত আছিল! আশ্ৰম পৰিবেশৰ ঘৰটোলৈ লৈ গৈছিল। নিজ হাতে সাজু কৰা ৰাতিপুৱাৰ আহাৰেৰে আমাক আপ্যায়ন কৰিছিল! আৰু তাৰ পাছতে ব্যস্ত হৈছিলোঁ নিৰ্দিষ্ট কামত।

কেমেৰাৰ সন্মুখত পৰিপাটি "ভূপেন্দ্ৰ চৰ্চা" কৰিলে লেখক-গৱেষক গৰাকিয়ে। 

(২)

 "প্ৰতি গৰাকী মানুহে লিখা উচিৎ! মানুহ মাত্ৰেই নিজা চিন্তা থাকে, সমাজৰ অভিজ্ঞতা বুটলে, সেই অভিজ্ঞতা বোৰৰ নিজা নিজা বিশ্লেষণ থাকে, সেই বোৰ লিখি ৰাখিব লাগে-- মই ভাৱো! মানুহৰ মনৰ ভাৱ লিখি ৰাখিলে মানুহৰ কামত আহে। লিখা প্ৰতি গৰাকী ব্যক্তিৰে দায়িত্ব। মই মোৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছোঁ।" --অধ্যাপক, লেখক, গবেষক মকবুল ইছলামে ক'লে। আমি জানিব বিছাৰিছিলোঁ-- আপুনি কিয় লিখে? 

--লেখাৰ সংখ্যা কম নহয়, গ্ৰন্থৰ সংখ্যা কম নহয়। বাংলা, অসমীয়া, ওড়িয়া আৰু ইংৰাজীত লিখা গ্ৰন্থৰ সংখ্যা ৭০ খনৰো বেছি হ'ব। ড° শামসুদ্দীন শিশিৰৰ "শিশিৰ দৰ্পণে মকবুল: মননবিম্ব" (প্ৰকাশ কাল: ২০২৪) গ্ৰন্থত আছে ৬৪ খন গ্ৰন্থৰ তালিকা আৰু পৰিচয়। সৰহ সংখ্যকেৰে বিষয়: লোক-কাহিনী, লোক-সাহিত্য, লোক-সংগীত, 'মানুহ'। --হিন্দু তথা সনাতন ধর্ম আৰু ইছলাম ধর্মেৰ তুলনামূলক চৰ্চা৷ বিশেষকৈ হিন্দুৰ প্রাচীন ধর্মগ্রন্থ "শ্রীমদ্ভাগবদ্ গীতা' আৰু ইছলামেৰ পবিত্র গ্রন্থ "কোৰান"ৰ লগতে খ্ৰীষ্টানৰ "বাইবেল" কেন্দ্ৰিক তাত্বিক চৰ্চাৰ বাবে অধ্যপক ইছলামক বৌদ্ধিক সমাজে জানে।

--নিৰ্দিষ্ট সময়ত আমাৰ কাম শেষ হ'ল। (কি কাম? সময়ত চৰ্চা কৰিম) নিজৰ নিৰ্দিষ্ট কাম শেষ হোৱাৰ পাছত লেখক-অধ্যপক ইছলামে আমাক লৈ গ'ল তেওঁৰ কৰ্মস্থান 'চেণ্টপল’ কলেজ'লৈ। আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ১৯২৮ চনত  প্ৰথম বিভাগত আই এছ ছি পাছ কৰা কলেজ খনলৈ। কলেজ চৌহদত থকা সেউজীয়া খেল পথাৰ খনলৈ আঙুলিয়াই ড° ইছলামে ক'লে-- "সেই খন খেল পথাৰতে সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই ফুটবল খেলিছিল...।" 

হাতত সময় কম আছিল! পৰিচালক নিৰ্মল দাসে চিত্ৰগ্ৰহণকাৰীৰ সহায়ত কলেজ চৌহদত নিৰ্দিষ্ট কাম শেষ কৰাৰ পাছতে ড° ইছলামৰ সৈতে আমি যাত্ৰা কৰিলোঁ 'হেমাঙ্গ বিশ্বাসৰ ঘৰ'লৈ। 

১২ জুন। দিনৰ ১২:৩০ বজাত পাইছিলোঁ "জিৰণি"। ... (ক্ৰমশঃ)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...