সরাসরি প্রধান সামগ্রীতে চলে যান

এখন তথ্যচিত্ৰৰ "সপোন", মকবুল ছাৰ ইত্যাদি

হেমাঙ্গ বিশ্বাসৰ "জিৰণি" (কলকাতা)-ত ৰঙিলি বিশ্বাসৰ সৈতে উৎপল মেনা
---------------------------------------

মানুহ জনৰ সৈতে প্ৰথমবাৰ মুখা-মুখি হৈছিলোঁ, ৮ ছেপ্তেম্বৰত (২০২৪), কলকাতাত। আমি সম্পাদনা কৰা "ভূপেন হাজৰিকা প্ৰকল্প"ৰ চতুৰ্থ গ্ৰন্থ উন্মোচক আছিল।

-- "মানুহ", বিশেষ ধৰ্মৰ ভাষাৰ বৃত্তত বন্দি হৈ নথকা মানুহ। নাম-- ড°শেখ মকবুল ইছলাম, যি গৰাকীক জনা যায় জগন্নাথ মহাপ্রভুৰ প্রতি থকা গভীৰ ভক্তিৰ বাবে, এই বিষয়ত কৰা গবেষণাৰ বাবে। (২০১৫ চনত এই গৱেষণাৰ বাবে লাভ কৰে  ওড়িশাৰ সর্বোচ্চ সম্মান "নবকলেবৰ পুৰস্কাৰ"।)

কোৱা হয়-- "বাংলা সাহিত্যত লোক-সংস্কৃতি বিষয়ত বিজ্ঞানসম্মত আলোচনা আৰু গবেষণাৰ বাট কাটে  মকবুল ইছলামে।" কেৱল বাংলাতে শেষ নহয়, অসমীয়ৰ ভাষা-লোক-সংস্কৃতিয়ো অধ্যয়ণ কৰে, চৰ্চা কৰি আহিছে। চৰ্চাৰ, গৱেষণাৰ এক ফচল-- "Mising-- Folklorography" (প্ৰকাশ: ২০২২)। আমাক চুই যোৱা, ভাল লগা কথা-- এই গৰাকী লেখক-গৱেষকে অসমীয়া ভাষা শিকি, অসমীয়া ভাষাত অসম কেন্দ্ৰিক কেইবাখনো গ্ৰন্থ লিখিছে। প্ৰথম বাৰ মুখা-মুখি হোৱাৰ সময়ত আমাৰ হাতত তুলি দিছিল-- "কাৰবি ডিছ্‌কোৰ্ছ-ৰংবং তেৰাঙৰ নিৰ্বাচিত প্রবন্ধ: সাহিত্যতাত্ত্বিক বোধান্বয়ন", "Bishnuprasad Rabha-Bhupen Hazarika:Bengal-Assam Cultural Relation (বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা), "বাংলা-অসম: বিদ্যায়তনিক-সাংস্কৃতিক বিনিময়" আদিৰ লগতে "Bengal-Assam 20th Century Perspective (Cazi Nazrul, Jyotiprasad, Bishnu Rabha, Bhupen Hazarika) আৰু বাংলাত লিখা "ভূপেন হাজরিকা: বিশ্বসংস্কৃতির কণ্ঠস্বর"। লেখক-গৱেষক গৰাকীয়ে এবাৰো ভূপেন হাজৰিকাক লগ পোৱা নাই; কিন্তু "ভূপেন হাজৰিকা" বিষয়ত নজনা কথা নাই! আমাৰ গ্ৰন্থ উন্মচন কৰি দিয়া ভাষণত কৈছিল-- "ভূপেন সাজৰিকা অসম আৰু পশ্চিমবংগৰ মাজত এক সমন্বয়ৰ সাঁকো।" 

আৰু দ্বিতীয়বাৰ মুখা-মুখি হোৱাৰ সময়ত কৈছিল-- "ভূপেন হাজৰিকাক মই কোনো দিনে লগ পোৱা নাই; কিন্তু তেওঁ মোৰ অতি ওচৰৰ। প্ৰতিটো গীতেই মোক চুই যায়, চুই থাকে।"

দ্বিতীয়বাৰক মুখা-মুখি বুলি নকৈ আলহী হোৱা বুলি ক'লেহে শুদ্ধ হ'ব!

("সপোন" এটা লৈ গৈছিলোঁ! কিছু দিন পূৰ্বে অসমৰ এগৰাকী নাট্যকৰ্মী নিৰ্মল দাসক এটা "সপোন"ৰ কথা কৈছিলোঁ। মকবুল ছাৰৰ লগতে ৰঙিলি বিশ্বাস আৰু কেইগৰাকীমান ভূপেন হাজৰিকা কেন্দ্ৰিক চৰ্চাত নিজকে ব্যস্ত ৰখা "ভূপেন্দ্ৰ-প্ৰেমী"ৰ কথা কৈছিলোঁ। নিৰ্মল দাসে "কৰিম" বুলিছিল। অৱশ্যে মোৰ "সপোন" সপোন হৈয়ে থাকিল!-- এই প্ৰসংগত আগলৈ চৰ্চা কৰিম। চৰ্চা কৰিম-- কলাজ-চিনেমানো কি? তথ্যচিত্ৰৰ সৈতে কলাজ-চিত্ৰৰ সম্পৰ্ক আছে নে?)

 পুৱা ৫ বজাৰ আগতে কলকতা পাইছিলোঁ। আমাৰ অপেক্ষাত আছিল! আশ্ৰম পৰিবেশৰ ঘৰটোলৈ লৈ গৈছিল। নিজ হাতে সাজু কৰা ৰাতিপুৱাৰ আহাৰেৰে আমাক আপ্যায়ন কৰিছিল! আৰু তাৰ পাছতে ব্যস্ত হৈছিলোঁ নিৰ্দিষ্ট কামত।

কেমেৰাৰ সন্মুখত পৰিপাটি "ভূপেন্দ্ৰ চৰ্চা" কৰিলে লেখক-গৱেষক গৰাকিয়ে। 

(২)

 "প্ৰতি গৰাকী মানুহে লিখা উচিৎ! মানুহ মাত্ৰেই নিজা চিন্তা থাকে, সমাজৰ অভিজ্ঞতা বুটলে, সেই অভিজ্ঞতা বোৰৰ নিজা নিজা বিশ্লেষণ থাকে, সেই বোৰ লিখি ৰাখিব লাগে-- মই ভাৱো! মানুহৰ মনৰ ভাৱ লিখি ৰাখিলে মানুহৰ কামত আহে। লিখা প্ৰতি গৰাকী ব্যক্তিৰে দায়িত্ব। মই মোৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছোঁ।" --অধ্যাপক, লেখক, গবেষক মকবুল ইছলামে ক'লে। আমি জানিব বিছাৰিছিলোঁ-- আপুনি কিয় লিখে? 

--লেখাৰ সংখ্যা কম নহয়, গ্ৰন্থৰ সংখ্যা কম নহয়। বাংলা, অসমীয়া, ওড়িয়া আৰু ইংৰাজীত লিখা গ্ৰন্থৰ সংখ্যা ৭০ খনৰো বেছি হ'ব। ড° শামসুদ্দীন শিশিৰৰ "শিশিৰ দৰ্পণে মকবুল: মননবিম্ব" (প্ৰকাশ কাল: ২০২৪) গ্ৰন্থত আছে ৬৪ খন গ্ৰন্থৰ তালিকা আৰু পৰিচয়। সৰহ সংখ্যকেৰে বিষয়: লোক-কাহিনী, লোক-সাহিত্য, লোক-সংগীত, 'মানুহ'। --হিন্দু তথা সনাতন ধর্ম আৰু ইছলাম ধর্মেৰ তুলনামূলক চৰ্চা৷ বিশেষকৈ হিন্দুৰ প্রাচীন ধর্মগ্রন্থ "শ্রীমদ্ভাগবদ্ গীতা' আৰু ইছলামেৰ পবিত্র গ্রন্থ "কোৰান"ৰ লগতে খ্ৰীষ্টানৰ "বাইবেল" কেন্দ্ৰিক তাত্বিক চৰ্চাৰ বাবে অধ্যপক ইছলামক বৌদ্ধিক সমাজে জানে।

--নিৰ্দিষ্ট সময়ত আমাৰ কাম শেষ হ'ল। (কি কাম? সময়ত চৰ্চা কৰিম) নিজৰ নিৰ্দিষ্ট কাম শেষ হোৱাৰ পাছত লেখক-অধ্যপক ইছলামে আমাক লৈ গ'ল তেওঁৰ কৰ্মস্থান 'চেণ্টপল’ কলেজ'লৈ। আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ১৯২৮ চনত  প্ৰথম বিভাগত আই এছ ছি পাছ কৰা কলেজ খনলৈ। কলেজ চৌহদত থকা সেউজীয়া খেল পথাৰ খনলৈ আঙুলিয়াই ড° ইছলামে ক'লে-- "সেই খন খেল পথাৰতে সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই ফুটবল খেলিছিল...।" 

হাতত সময় কম আছিল! পৰিচালক নিৰ্মল দাসে চিত্ৰগ্ৰহণকাৰীৰ সহায়ত কলেজ চৌহদত নিৰ্দিষ্ট কাম শেষ কৰাৰ পাছতে ড° ইছলামৰ সৈতে আমি যাত্ৰা কৰিলোঁ 'হেমাঙ্গ বিশ্বাসৰ ঘৰ'লৈ। 

১২ জুন। দিনৰ ১২:৩০ বজাত পাইছিলোঁ "জিৰণি"। ... (ক্ৰমশঃ)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...