সরাসরি প্রধান সামগ্রীতে চলে যান

অপৰূপা আহিছিল...

 জাহ্নু বৰুৱাৰ প্ৰথম স্বাধীন পৰিচালনা "অপৰূপা"। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমৰ প্ৰযোজনা। প্ৰস্তুতি ঠিক সময়ত ঠিকেই চলিছিল। মূল নায়িকাৰ চৰিত্ৰটোত কোনে অভিনয় কৰিব সেয়াও ঠিক হৈছিল। "চৰকাৰী টকা" সহজতে পৰিচালকৰ বা চিনেমা খনৰ নিৰ্দিষ্ট ব্যক্তি গৰাকীৰ হাতলৈ নাহে হে নাহে! অপেক্ষাৰ অন্তত আহিল। কিন্তু নিৰ্দিষ্ট নঅভিনেত্ৰী গৰাকীয়ে অভিনয় নকৰো বুলিলে এৰিব নোৱাৰা ব্যক্তিগত অসুবিধাৰ বাবে। সমস্যাত পৰিল জাহ্নু বৰুৱা! চিনেমা খনৰ লেখক-পৰিচালক গৰাকীৰ এনে এগৰাকী "নায়িকা"ৰ প্ৰয়োজন হ'ল, যি গৰাকীয়ে নিৰ্দিষ্ট চৰিত্ৰটোৰ গভীৰতা বুজি পায় আৰু অপৰিচিত অথচ শক্তিশালী মুখৰ! বহু চিন্তাৰ অন্তত পৰিচালক গৰাকীৰ মনলৈ আহিল "ভুবন শোম"ৰ গৌৰী! ১৯৬৯ চনত মৃণাল সেনৰ বিখ্যাত হিন্দী চিনেমা "ভুবন শোম"ৰ গৌৰী। চিনেমাখনত  সহজাত আৰু সৰল অভিনয়ে চিত্ৰৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল "গৌৰী"য়ে। হয়তো জাহ্নু বৰুৱাকো! অভিনেত্ৰী গৰাকীৰ নাম-- সুহাসিনী মূলে।

"স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছতে মই মোৰ প্ৰথম খন চিনেমাত অভিনয় কৰিছিলোঁ। সেই সময়ত মোৰ বয়স আছিল ১৭ বছৰ। মোৰ যেতিয়া ৫ বছৰ বয়স, তেতিয়াই পিতৃক হেৰুৱাইছিলোঁ । আমাৰ ঘৰত তিনিজনী ছোৱালী আছিল আৰু মা আছিল। ঘৰখনত আটাইকেইজনী মহিলা হোৱাৰ বাবে এইটো কাম ল'ৰাৰ বা এই কামটো ছোৱালীৰ সেই পাৰ্থক্যটো মই বুজি পোৱা নাছিলোঁ। এনেকুৱা এটা পৰিৱেশৰ পৰা মই আহি চিনেমাৰ জগত খন পাইছিলোঁ। মোৰ মা চিনেমাৰ সমাজ খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তথাপি "ভুবন শোম"ত অভিনয় কৰাৰ পাছত মোক মায়ে কৈছিল-- পঢ়াটো প্ৰথম। সেইবাবে মই অভিনয় এৰি কানাডালৈ অধ্যয়ন কৰিবলৈ গৈছিলোঁ। কানাডাৰ মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ত ভূমি ৰসায়ন আৰু অণুজীৱবিজ্ঞানত কৃষি প্ৰযুক্তিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিলোঁ।

কৃষি প্ৰযুক্তিত এইবাবে মই নামভৰ্তি কাৰণ আছিল-- তাৰ পৰা উভতি আহি যাতে মই ভাৰতৰ বাবে কিবা এটা কৰিব পাৰোঁ! কিন্তু তাৰে প্ৰযুক্তি বিদ্যা ইমানেই উন্নত যে ইয়াৰ লগত তাৰ কোনো পদ্ধতিসমূহ নিমিলে।..."

--সেই একেখন বিশ্ববিদ্যালয়ৰ পৰাই চিনেমা, ৰেডিঅ’, টিভি, সাংবাদিকতা আৰু ছপা মাধ্যমক প্ৰধান বিষয় হিচাপে গণসংযোগৰ ডিগ্ৰীও লাভ কৰে।

১৯৭৫ চনত সুহাসিনী ভাৰতলৈ উভতি আহিল। আহি অভিনয়ৰ পৰিৱৰ্তে কেমেৰাৰ পাছত মন দিলে। সত্যজিত ৰায়ৰ সহায়ক হিচাপে কাম কৰে "জন অৰণ্যত"ত। মৃণাল সেনৰ সহকাৰী পৰিচালক হিচাপে  কাম কৰে "মৃগয়া"ত। তাৰ পাছত?

"সেই সময়ত জাহ্নুৱে সহযোগী পৰিচালক হিচাপে কাম কৰি আছিল। মুম্বাইত। পেয়িং গেষ্ট হিচাপে এটা ঘৰত আছিল। আৰু সেই ঘৰতে গুলগুচন নামৰ আৰু এজন অভিনেতা আছিল। মই গুলগুচনক জানিছিলোঁ। গুলওচনে মোক জাহ্নুৰ কথা কৈছিল। চিনাকি হৈছলোঁ। 'অপৰূপা' ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ প্ৰযোজনা। আমি সকলোৱে জানো যে চৰকাৰী কামত অকণমান সময় লাগে, একেলগে পইচা নাহে। যেতিয়ালৈ পইচা আহিছিল তেতিয়ালৈ চিনেমা খনৰ অভিনেত্ৰীগৰাকী গৰ্ভৱতী। সেই সময়ত জাহ্নুক কোনোবাই মোৰ নামটো ক'লে। তেনেদৰেই..." --সুহাসিনী মূলেই কৈছিল। যোৱা ১০-১১ জানুৱাৰীত অভিনেত্ৰী গৰাকীয়ে শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০২৫-ত অংশ লৈছিল। ভাষণ দিছিল, মত-বিনিময় কৰিছিল।

"অপৰূপা"ত বিজু ফুকন আৰু সুশীল গোস্বামীৰ বিপৰীতে অভিনয় কৰিছিল। 

"অপৰূপা এগৰাকী শিক্ষিত যুৱতী। উচ্চ শিক্ষা আধাতে সামৰি দেউতাকৰ ধাৰ পৰিশোধ কৰাৰ বাবে অনিচ্ছা স্বত্বেও এজন ধনী চাহ বাগিচাৰ মেনেজাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। (দেউতাকে চাহ খেতিয়কজনৰ পৰা লোৱা বিশাল ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ফলতহে তাইৰ এই বিয়া হৈছিল, বিয়াৰ পাছতহে জানিছিল। তাইৰ অনুভৱ হৈছিল তাই দেউতাকৰ দ্বাৰা স্বামীৰ হাতত যেন বিক্ৰী হৈছিল!) অপৰূপাৰ মানসিক দ্বন্দ্ব আৰম্ভ হয়, নিজকে এজনী কাৰাবন্দীৰ দৰে অনুভৱ কৰে। স্বামীৰ পৰা অবহেলিত অপৰূপাই বাগিচাৰ বিলাসিতা আৰু সামাজিক নিয়ম-নীতিৰ মাজত নিজকে মিলাব পৰা নাছিল।

জীৱনৰ বিৰক্তিকৰ, একঘেয়েমিতাৰ মাজত বাস কৰি থকা সময়তে লগ পালে পুৰণি সহপাঠি  ৰাণাক (অভিনয়ত: বিজু ফুকন) অপৰূপাই ৰাণাৰ মাজত জীৱনৰ সৰ্থকতা বিচাৰি পায়।" 

সন্দেহ নৰখাকৈ ক'ব পাৰি-- চৰিত্ৰটো নিৰ্মাণত ১০০% নহলেও ৯৯% শতাংশয়ে জাহ্নু বৰুৱাক সহায় কৰিছিল সুহাসিনী মুলেয়ে। (আগলৈ)

 (আগলৈ)



মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...