শনিবার, ৭ মার্চ, ২০২৬

ব্ৰজেন বৰুৱাৰ চিনেমা |--উৎপল মেনা

ব্ৰজেন বৰুৱা আছিল সংগীতৰ মানুহ। মঞ্চত গীত গাইছিল, আকাশবাণীৰ বাবে গীত গাইছিল, মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰিছিল, ভ্ৰামমাণ থিয়েটাৰত সংগীত পৰিচালনা কৰিছিল, ৮খন চিনেমাৰ সংগীত পৰিচিলনা কৰিছিল।                          
-- ২০০৮ চনৰ দুটা দিন। সংগীত পৰিচালক ৰমেন বৰুৱাৰ সৈতে  বহিছিলোঁ (পৰৱৰ্তী সময়তো ৰমেন বৰুৱাৰ সৈতে সংগীত কেন্দ্ৰিক চৰ্চা কৰিছিলোঁ)। লতাশিলৰ বিখ্যাত ঘৰটোত বহি "ব্ৰজেন বৰুৱা" আলাপ কৰিছিলোঁ।                                                          -- সেই সময়ত মই "অসমীয়া প্ৰতিদিন"ত । দৈনিক কাকত খনৰ  সেই সময়ৰ সম্পাদক অজিত কুমাৰ ভূঞাই নিৰ্দেশ দিছিল  লতাশিলৰ বিখ্যাত পৰিয়ালটোৰ সাংস্কৃতিক কৰ্মক কেন্দ্ৰ কৰি লিখিব লাগে। আৰু কৈছিল -- "তুমি ৰমেন বৰুৱাৰ সৈতে বহিবা। শুদ্ধ তথ্য পাবা।" আৰু মই ৰমেন বৰুৱাৰ সৈতে বহিছিলোঁ। 
জানিছিলো--  ব্ৰজেন বৰুৱাই  তেনেই সৰুৰে পৰা সংগীতকৰ্ম কৰিছিল। সুৰ ৰচনা কৰিছিল। স্কুল - কলেজত পঢ়ি থকা সময়তে অজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীত  সুৰেৰে সজাইছিল। ১৯৪৪ চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত সংগীত পৰিচালনা কৰিছিল। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়। প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ' আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ ঘৰৰ ওচৰতে। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত  সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে সংগীত কৰ্ম কৰে। আৰু ১৯৫৬ চনত  চিত্ৰগৃহলৈ অহা ভ্ৰাতৃ নিপ বৰুৱাৰ প্ৰথম চিনেমা "স্মৃতিৰ পৰশ"ৰ সঙ্গীত পৰিচালনাৰে সংগীত ক্ষেত্ৰত আৰু  এখোজ আগবাঢ়ে। সংগীত পৰিচালনা কৰে --  "লখিমী" (পৰিচালক: ভবেন দাস /১৯৫৬) , "মাক আৰু মৰম " (পৰিচালক: নিপ বৰুৱা /১৯৫৭ ) , " ভক্ত প্ৰহ্লাদ" (নিপ বৰুৱা/ ১৯৫৮), "আমাৰ ঘৰ" (পৰিচালক : নিপ বৰুৱা/ ১৯৫৯) ,  "লাচিত বৰফুকন / ১৯৬১) ,  "নৰকাসুৰ" (নিপ বৰুৱা /১৯৬১) , "ইটো সিটো বহুতো" ( ব্ৰজেন বৰুৱা /১৯৬৩ ) ৰ । চিনেমাৰ বাবে গীতো গাইছিল  ( চিনেমা : " ভক্ত প্ৰহ্লাদ " , " আমাৰ ঘৰ " ) , গীতো লিখিছিল ( চিনেমা :  ডক্তৰ বেজবৰুৱা , মন আৰু মৰম ) ।  অভিনয়ো কৰিছিল। ( চিনেমা :  স্মৃতিৰ পৰশ , মাক আৰু মৰম , নৰকাসুৰ ,  ইটো সিটো বহুতো , ডক্তৰ বেজবৰুৱা , বৰুৱাৰ সংসাৰ , মুকুতা , ওপজা সোণৰ মাটি ,ললিতা)। কিন্তু নিস্প্ৰভ হৈ থাকিল " পৰিচালক ব্ৰজেন বৰুৱাৰ " ওচৰত । পৰিচালনা কৰিছিল : ইটো সিটো বহুতো ( ১৯৬৩ ) , ডক্তৰ বেজবৰুৱা ( ১৯৬৯ ), মুকুতা ( ১৯৭০ ) , ললিতা ( ১৯৭২ ) আৰু  ওপজা সোণৰ মাটি ( ১৯৭২ ) । পৰিচালক গৰাকীয়ে নিজৰ চিনেমাৰ চিত্ৰনাট্য নিজে লিখিছিল ( দ্বিবন বৰুৱাৰ "ৰজা হৰিচন্দ্ৰ " ৰ চিত্ৰনাট্যও ব্ৰজেন বৰুৱাই লিখিছিল।) । "অসম বাণী"ত প্ৰসঙ্গ ক্ৰমে কথাশিল্পী নিৰোদ চৌধুৰীয়ে লিখিছিল -- "ব্ৰজেন বৰুৱাই কৈছিল চিত্ৰনাট্য পৰিচালকে নিজে লিখিব লাগে। আনে লিখা চিত্ৰনাট্যৰে মুকলি মনেৰে কাম কৰাত দিগদাৰ হয়। " 
-- ৰমেন বৰুৱাৰ সৈতে কথা পাতি অনুভৱ কৰিছিলোঁ চিত্ৰনাট্যৰ কাম চলি থকা সময়তে ব্ৰজেন বৰুৱাই আভিনেতা , সংগীত ইত্যাদি চিন্তা কৰি যায় । আৰু সম্ভৱতঃ এনে "চিন্তা"ৰ বাবেই নিজে চিত্ৰনাট্য ৰচনা কৰিছিল ।
********
লেখক-সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই দৈনিক কাকত "আজি"ৰ (সম্পাদক: অজিত কুমাৰ ভূঞা) বাবে মই যুগুত কৰা প্ৰতিবেদন এখনত কৈছিল--
"ব্ৰজেন বৰুৱাই সংগীত, অভিনয়ৰ পাছত চিনেমা পৰিচালনাত যে মন দিব--, এই খবৰ কাকতত প্ৰথম প্ৰকাশ পাইছিল ১৯৬০ চনৰ শেষৰ ফালে। সম্ভৱতঃ চিত্ৰনাট্যৰ কাম সেই সময়তে আৰম্ভ কৰিছিল। মুক্তি পাইছিল ১৯৬৩ চনৰ ২২ নৱেম্বৰত। মোৰ মনত আছে, চিনেমা খন মুক্তি পোৱাৰ এসপ্তাহ মান আগতে ব্ৰজেন বৰুৱাই সাংবাদিকক কৈছিল, 'বোলছবি ভাল হ'লেই নহব, ব্যৱসায়তো সফল হ'ব লাগিব। ব্যৱসায়ৰ কথা মনত ৰাখিয়ে আমি একে ধৰণৰ বোলছবি নিৰ্মাণ কৰাৰ পৰা আঁতৰত থাকিব লাগিব। মোৰ এই বোলছবি খন বেলেগ ধৰণৰ।' চিনেমা খন হাস্যৰসাত্মক। তেতিয়ালৈকে অসমীয়া কমেডী চিনেমা নিৰ্মাণ হোৱা নাছিল। 'ইটো সিটো বহুতো' নামৰ ব্ৰজেন বৰুৱাৰ প্ৰথম পৰিচালনা খনেই প্ৰথম অসমীয়া কমেডী চিনেমা।" ("আজি"/২২ নৱেম্বৰ ২০০৩)
"ইটো সিটো বহুতো"ৰ চিত্ৰনাট্য ব্ৰজেন বৰুৱাই এটা বিদেশী গল্পৰ আধাৰত ৰচনা কৰিছিল। (আমাৰ সৈতে হোৱা আলাপৰ সময়ত ৰমেন বৰুৱাই বিদেশী গল্পটো, লেখক গৰাকীৰ নাম মনলৈ আনিব পৰা নাছিল। পাছতো দুবাৰ মান সুধিছিলোঁ। ৰমেন বৰুৱাই কৈছিল--"বহু কথা পাহৰি গৈছোঁ।") চিনেমা খন প্ৰযোজনা কৰিছিল জে পি চিনে আৰ্টৰ বেনাৰত পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। অৰ্থাৎ ঘৰুৱা প্ৰডাকছনৰ প্ৰযোজনা। 
চিনেমা খনত ফনী শৰ্মাই অভিনয় কৰিছিল অৱসৰপ্ৰাপ্ত মেজৰ এগৰাকীৰ চৰিত্ৰত। নাম--মোহন চলিহা। এই চৰিতটোৱে ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। চলিহাৰ পুত্ৰ বিমান (অভিনয় কৰিছিল ব্ৰজেন বৰুৱাই)। গুৱাহাটীত পঢ়ে। আন এটা বিন্দু-- মিচেচ গুপ্তা। বিধৱা। মহিলা গৰাকীৰ ঘৰত তিনি বন্ধুৰ সৈতে বিমানে মেছ কৰি থাকে। চাৰি ভাৰাতীয়াক শাসন কৰোতে মিছেচ গুপ্তা অতিষ্ঠ হৈ পৰে।
মোহন চলিহাৰ এটা বেমাৰ আছে। বেমাৰ উঠিলেই সকলো কথা পাহৰি যায়। এই যে পাহৰি যায়, সেই সুযোগ লৈ বিমানে মাহেকত দুবাৰকৈ টকা আনে। লগৰীয়াহঁতৰ লগত খাই-বৈ ফুৰ্টি কৰি টকা উৰাই। কিন্তু কিমান দিন! বিমানৰ কু-কৰ্ম এদিন চলিহাই ধৰিব পাৰে। আৰু ধৰা পৰাৰ পাছতে মেজৰ চলিহা আহি মিছেচ গুপ্তাৰ ঘৰত উপস্থিত হয়। মিচেচ গুপ্তাৰ ঘৰ তল-ওপৰ হয়। কাহিনীৰ মাজলৈ আহে এগৰাকী গাভৰু। মিছেচ গুপ্তাৰ ঘৰ খন আৰু তপত হয়। মেজৰ চলিহা, মেচত থকা চাৰি "চৰিত্ৰ" মিছেচ গুপ্তা আৰু গাভৰু গৈ থানা পায়। আনহাতে মিছেচ গুপ্তাৰ ঘৰত থাকে বন কৰা ছোৱালী কাচনমতী, মেজৰ চাহাবৰ ভৃত্য পাইলট আৰু এটা হাতুৰী। হাতুৰীটোকো চৰিত্ৰলৈ ৰূপান্তৰ কৰে পৰিচালকে। কাহিনী আগবঢ়াই হাস্য ৰসৰ মাজেৰে।
সংলাপ, অভিনয়ৰ লগতে গীতেৰে আগবঢ়াই ৰূপালী গল্পটো। ব্যৱহাৰ কৰে চাৰিটা গীত। সংগীতো ব্ৰজেন বৰুৱাৰ। গীত চাৰিতা-- "বক্ উৰি পখিলাটি বগা-কলা পাখিমেলি, তাৰ কথা ভাবিগুণি কিনোবা...", "মন মোৰ চম্পাকলি উন্মুখ অন্তৰ খুলি সানিলে তন্দ্ৰাৰ মায়া...", "কোন তুমি আনমনা আহি মনেমনে, সোণ বুলি মাতিলাহি মোৰ কাণেকাণে...", "নেমাত চেনাই বুলি নেচাৱ চকু মেলি, কলিজা মনে মোৰ জ্বলি জ্বলি এ..."। চিনেমা খনত ফণী শৰ্মা, ব্ৰজেন বৰুৱাৰ লগতে অভিনয় কৰিছিল-- শৰৎ দাস, মোৱাজ্জিন আলি, গিৰিণ বৰুৱা, প্ৰবীন বৰা, সুতপা মজুমদাৰ, সাধনা ৰায়চৌধুৰী, কৰুণা গোস্বামী, অমৰেন্দ্ৰ ঠাকুৰ, সমৰেন শইকীয়া, ৰেণু শইকীয়া, বীণা দাস আদিয়ে। 
চিত্ৰগ্ৰহণকৰিছিল শঙ্কৰ বেনাৰ্জীয়ে। চিনেমা খন "লাভ হৈছে বুলি কব পৰাকৈ সফল হোৱা নাছিল"। প্ৰথম পৰিচালনাৰ অভিজ্ঞতাই ব্ৰজেন বৰুৱাক শিকাইছিল-- বাজেট কমোৱাৰ বাবে আসমীয়া চিনেমাৰ চিত্ৰগ্ৰহণ ইত্যাদিৰ কাম অসমীয়া চিনেকৰ্মীৰ দ্বাৰা অসমতে কৰিব লাগে। ষ্টুডিঅ'ত ছে'টৰ নামত অৰ্থ ব্যয় কৰাৰ প্ৰয়োজন নাই, অসমৰ বাস্তৱ স্থান (realistic location)-ত কাহিনীয়ে বিছৰা ধৰণে দৃশ্য গ্ৰহণ কৰিব লাগে। পৰিচালক গৰাকীয়ে এই অভিজ্ঞতা কামত লগাইছিল দ্বিতীয় খন পৰিচালনাত, "ডক্তৰ বেজবৰুৱা"ত।

|| || ডক্তৰ বেজবৰুৱা || 
পৰিচালক-লেখক: ব্ৰজেন বৰুৱা
চিত্ৰগ্ৰহণ: সুজিত সিংহ
সংগীত: ৰমেন বৰুৱা
কলা নিৰ্দেশক: হেমন্ত দত্ত
সম্পাদনা: শিৱ সাধন ভট্টাচাৰ্য
অভিনয়ত: ব্ৰজেন বৰুৱা, নিপন গোস্বামী, মেঘালী দেৱী, তৰুণ দুৱৰা, ৰঞ্জনা বৰদলৈ, প্ৰবীণ বৰা, প্ৰতিভা ঠাকুৰ, ৰেণু শইকীয়া, সত্যেন চৌধুৰী, সাধন হাজৰিকা, কামিনী বৰুৱা আদি।
চিত্ৰগৃহলৈ: ১৯৬৯

"ডক্তৰ বেজবৰুৱা" অসমীয়া চিনেমাৰ এটা "টার্ণিং পইণ্ট"। অসমীয়া চিনেমাৰ ‘বজাৰ চিন্তা’ আৰম্ভ হৈছিল এই চিনেমাখনেৰে। ‘বজাৰ চিন্তা’ মনত ৰাখিয়ে চিনেমাখনৰ কাহিনী নির্বাচন কৰা হৈছি, পৰিচালনা শৈলী-চিত্রগ্রহণ ‘চিন্তা’ পৰিৱৰ্তন কৰা হৈছিল। এই কথা অনুভৱ কৰিছিলোঁ ‘ৰূপকাৰ’ আলোচনীত চিনেমাখনৰ চিত্ৰনাট্য পঢ়ি। ‘ক’লা-বগা’ এই অসমীয়া চিনেমাখনৰ আন এটা উল্লেখযোগ্য দিশ হ’ল— প্ৰথমবাৰৰ বাবে সম্পূর্ণ চিত্ৰগ্ৰহণ অসমত, কেৱল অসমীয়া শিল্পীৰ দ্বাৰা কৰোৱা হৈছিল। ক'ব পাৰি অসমীয়া চিনেমা নিৰ্মাণৰ ‘থলুৱা ভেটি’ নিৰ্মাণ কৰিছিল চিনেমাখনৰ পৰিচালক, চিত্রনাট্যকাৰ ব্ৰজেন বৰুৱাই। পৰিচালকৰ নিৰ্দেশত চিত্ৰগ্ৰহণকাৰী সুজিত সিংহই বাস্তৱিক লোকেচনত (অসমৰ ঘৰ-দুৱাৰতে) চিত্ৰগ্ৰহণ কৰিছিল। স্বাভাৱিকতে এই চিত্ৰগ্ৰহণ ব্যৱস্থাৰ বাবে আৰু চিনেমাখনৰ সম্পূৰ্ণ ‘নির্মাণ পর্ব’ অসমত সম্পূর্ণ কৰা বাবে ‘বাজেট’ কম হৈছিল। ব্যৱসায়িক দিশত সফল হৈছিল। চিনেমাখনৰ প্রযোজক ‘ৰংঘৰ চিনে প্ৰডাকচন’ৰ লাভ হৈছিল। '‘বাজেট'ৰ স্পষ্ট তথ্য পোৱা নাযায়। ‘অসম বাণী’ত ব্ৰজেন বৰুৱাই কোৱা ‘তথ্য’ এটা প্রকাশ পাইছিল। ‘লাভৰ পৰিমাণ ৮০ শতাংশ...'। বিশ্লেষণ কৰিলে স্পষ্ট হয়— ‘ডক্তৰ বেজবৰুৱা'ৰ সফলতাৰ মূল কাৰণ কাহিনী আৰু কাহিনী কোৱাৰ কৌশল। প্ৰথমটো ছিকুৱেন্সৰ পৰায়ে পৰিচালকে ‘নির্মাণ’ কৰিছে— কৌতুহল। চিনেমাখনৰ গতি দ্রুত নহয়। গতিত প্রশংসা কৰিব পৰা ছন্দও নাই। গতিত ভাৰসাম্য ৰক্ষাত ব্যৰ্থতা স্পষ্ট। দ্রুতবেগী থ্রিলাৰৰ বিপৰীতে আবেগিক ছিকুৱেন্সৰ গতি মন্থৰ। কিন্তু ‘গল্প’ কোৱাৰ কৌশলৰ বাবে চিনেমাখন দৰ্শকৰ বাবে আমনিদায়ক হোৱা নাই। এইখিনিতে উল্লেখ কৰিব পাৰি সাধাৰণ ‘ক্রাইম থ্রীলাৰ’ আছিল যদিও অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে ‘নতুন’ আছিল। চিনেমাখনৰ ‘নায়ক’ক দেখা যায় দ্বৈত চৰিত্ৰত। এজন ক্রিমিনেল, আনজন বিলাত ফেৰৎ ডাক্তৰ। দুয়োটা 'চৰিত্ৰ'ৰ ‘চিনেমেটিক কাৰবাৰ'ৰ মাজত পদালৈ আহে সেন্দূৰীকণা গাঁৱৰ, দুখৰ মাজত ককবকাই থকা জেউতিৰ কাহিনী। বিলাত ফেৰৎ ডাক্তৰ বেজবৰুৱাৰ ক্লিনিক নির্মাণ চলি আছে। বেজবৰুৱাৰ বন্ধু ললিত দুৱৰা আহিছিল; ‘ক্লিনিক’ চাবলৈ। হঠাতে, সেই দিনা দুৱৰাৰ তিনি বছৰীয়া সন্তান মন্তিৰ মৃত্যু হয়, নির্মাণ কার্য চলি থকা ‘ক্লিনিক’খনৰ ওপৰৰপৰা পৰি। সেইদিনা সেন্দূৰীকণা গাঁৱৰ জেউতিৰ স্বামী নাৰায়ণ ভূঞাৰ ভৰি ভাগিল। ভূঞাক নিবলৈ গাঁৱৰ পৰা পত্নী আহে। আঢ়ৈ বছৰীয়া পুত্ৰক লৈ। নাম দীপ। নামটো হাতত টাটু কৰি লিখি থোৱা দর্শকে দেখে। দীপক ললিত দুৱৰাই হাস্পতালৰ বাৰাণ্ডাৰপৰা চুৰি কৰি লৈ যায় পত্নীৰ উকা কোলা পূৰ কৰিবলৈ। ‘টাটু’ কৰা যে আছিল দীপ, সেই ‘দীপ’ৰ আগত ‘প্ৰ’ বহুৱাই দিয়ে। কাহিনী আগবাঢ়ে।
 প্রদীপ ডাঙৰ হয়। 
--বন্ধুৰ ঘৰলৈ ফুৰিব যাওঁতে ভাগৰুৱা প্ৰদীপক বয়সিয়াল মানুহ এগৰাকীয়ে খাবলৈ দিয়ে। ‘দৰ্শকে' ঠিকেই বুজি পায়— প্রদীপক খাবলৈ দিছে প্রকৃত মাতৃয়ে। কিন্তু চৰিত্ৰ দুটাই পৰস্পৰক চিনি নাপায়। আনহাতে পালিত মাতৃ ৰেণু দুৱৰাই প্ৰদীপক হেৰুওৱাৰ ভয়ত চক্রান্ত কৰি জেউতিক পুলিচ হাজোতত বন্দী কৰায়। 
--ডাক্তৰ বেজবৰুৱাৰ ঘৰত দাগী এজন সোমায়। সোঁ বাহুত গুলীৰ ক্ষত চিহ্ন। আৰু সেই দিনাই ডাক্তৰ বেজবৰুৱাৰ জীৱনলৈ বিৰাট পৰিৱৰ্তন আহে। ডাক্তৰ বেজবৰুৱাই বাকদত্তা মণিকাক হত্যা কৰে, চম্পাক অপৰহণ কৰে ইত্যাদি। পুলিচে ডাক্তৰ বেজবৰুৱাক গ্ৰেপ্তাৰ কৰে। কাহিনী শেষ কৰে ‘বেয়া নায়ক’ৰ বেয়া ফল, ‘ভাল নায়ক’ৰ ভাল ফল আৰু মিলনেৰে। স্পষ্ট হয়-- বদমাছসকলৰ চৰ্দাৰ পৰমা হাজৰিকাৰ মুখ মণ্ডল ডাক্তৰ বেজবৰুৱাৰ সতে মিলে। আৰু সেই সুবিধালৈ পৰম হাজৰিকাই ডাঃ বেজবৰুৱাৰ ছদ্মবেশ গ্ৰহণ কৰিছিল, আৰু ডাক্তৰৰ পদবীত নিজকে বহুৱাই অপৰাধ কৰি গৈছিল। (সৌজন্য: অসম বাণী,ৰূপকাৰ)

সংগীত : ‘ডক্তৰ বেজবৰুৱা'ৰ গীত আজিৰ তাৰিখতো জনপ্রিয়। চিনেমাখনৰ সংগীত ৰমেন বৰুৱাৰ। বিহুসুৰীয়া গীত প্ৰথমবাৰৰ বাবে ‘চিনেমা’ত ব্যৱহাৰ কৰি সংগীত জগতলৈ পৰিৱৰ্তন আনে, নতুন ঢৌৰ সৃষ্টি কৰে। জনপ্রিয় হয় ‘মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুটি...' (গীতিকাৰ : ব্ৰজেন বৰুৱা), ‘ফুল ফুল ফুলে মেলিলে পাহি...' (গীতিকাৰ : এলি আহমেদ), ‘কি নাম দি মাতিম...' (গীতিকাৰ : নিৰ্মলপ্ৰভা বৰদলৈ)। গীতকেইটাত কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱাই। চিনেমাখনেৰে আত্মপ্রকাশ কৰি দ্বীপেন বৰুৱাই গায়কীৰে, ৰমেন বৰুৱাই সুৰেৰে ‘অসমীয়া সংগীত’ৰ এটা ‘নতুন যুগ’ৰ সৃষ্টি কৰিছিল। — এইখিনিতে উল্লেখ কৰিব পাৰি দ্বীপেন বৰুৱা, নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা ‘কি নাম দি মাতিম...’ অসমীয়া চিনেমাৰ প্ৰথম ৰোমান্টিক গীত। ফুল-পখিলা, সেউজীয়া আৰু নায়ক-নায়িকাক ফ্ৰেমত লৈ চিত্ৰায়ণ কৰিছে গীতটো। নায়িকাৰ মৰম দিয়া-লোৱা ফুল- পখিলাক প্রতীক হিচাপে ব্যৱহাৰ কৰিছে, কেমেৰাৰ ভাষাক গুৰুত্ব দি। অভিনয় : দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল ব্ৰজেন বৰুৱা, মেঘালী দেৱী, তৰুণ দুৱৰা, ৰঞ্জনা বৰদলৈ, ৰেণু শইকীয়া, প্রবীণ বৰা, প্রতিভা ঠাকুৰ, সত্যেন চৌধুৰী, ৰবীন বৰুৱা, ৰেণু বৰুৱা, তিলক দুৱৰা আদিয়ে। ‘চৰিত্ৰ’ নিৰ্মাণত পৰিচালকে বিশেষ গুৰুত্ব দিয়া যেন নালাগে। ৭ নৱেম্বৰ, ১৯৬৯ত চিত্ৰগৃহলৈ অহা চিনেমাখনত পৰিচালকে গুৰুত্ব দিছিল কাহিনী কোৱাত। 
শেষত : ব্যৱসায়িক সফলতাক বাদ দি ধাৰাবাহিক ‘চিনেকৰ্ম’ অসম্ভৱ। ‘ডক্তৰ বেজবৰুৱা’ৰ সফলতাই অসমীয়া চিনেমাৰ প্ৰযোজকক সাহস দিছিল আৰু এই সফলতাৰ বাবেই চিনেমাৰ সংখ্যা বাঢ়িছিল। এই চিনেমাখনে ১৯৬৭ চনত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাও লাভ কৰিছে।

|| ওপজা সোণৰ মাটি ||

পৰিচালক: ব্ৰজেন বৰুৱা
লেখক: জীৱন বৰা, ব্ৰজেন বৰুৱা
প্ৰযোজক: মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিঃ
চিত্ৰগ্ৰহণ: নলিন দুৱৰা
সংগীত: ৰমেন বৰুৱা
আভিনয়ত: ব্ৰজেন বৰুৱা, প্ৰশান্ত হাজৰিকা, মীনা দাস, অনুৰাধা দেৱী, মঞ্জুলা শইকীয়া (বৰুৱা), পৰমেন্দ্ৰ ভূঞা, পৰেশ বৰা, বিজু ফুকন আদি।
চিত্ৰগৃহলৈ: ১৯৭২

কাহিনী:
ঊনৈশ শতিকাৰ শেহৰ পিনে ভাৰতত সমবায় আন্দোলনে গতি লৈছিল। কাৰণ দুটা-- অৰ্থনৈতিক সংকট, অশান্ত অৱস্থা। এই বিষয়-বস্তুৰে "ওপজা সোণৰ মাটি" চিনেমা খনৰ কাহিনীক গতি দিছিল। ৰূপালী গল্পটোৰ পটভূমি চহৰৰ পৰা বহু আঁতৰৰ এখন গাওঁ-- কদমণি। কাহিনীৰ মূল বিন্দু-- হেমন্ত শইকীয়া, সেই গাঁৱৰে এজন শিক্ষিত নিবনুৱা যুৱক। কাহিনীলৈ আহে দুটা চৰিত্ৰ-- শিৱৰাম কাকতি আৰু তেওঁৰ জীয়েক পূৰ্ণিমা। এই দুই চৰিত্ৰই হেমন্তক নিজৰ মাটিত খেটি-বাতি কৰিবলৈ পৰামৰ্শ দিয়ে। হেমন্তই তাকেই কৰিলে, বৈজ্ঞানিক পদ্ধতিৰে সমবায় ভিত্তিত খেতি কৰাত মন দিলে। গাঁওৰ কেইজনমান যুৱকক লৈ খেতিৰ কামত আগবাঢ়িল। এটা ৰাষ্ট্ৰীয়কৃত বেংকলৈ গৈ ঋণৰ বাবে আবেদন কৰিলে। এই কথা ভাল নাপালে গাঁৱৰে সুদখোৰ মহাজন উমাৰামে। উচ্চহাৰৰ সুদত মাটি বন্ধকী লৈ গাঁওৰ মানুহক শোসন কৰি থকা উমাৰামে ভয় খালে-- বেংকৰ পৰা যদি গাৱবাসীয়ে ঋণ ল’বলৈ আৰম্ভ কৰে তেওঁৰ ওচৰলৈ আৰু কোন আহিব! 
--আনহাতে হেমন্ত-পূৰ্ণিমাৰ প্ৰেম কাহিনী আগবাঢ়ে। হেমন্ত-পূৰ্ণিমাৰ ভাল পোৱাও উমাৰামে সহজভাবে ল’ব পৰা নাছিল। 
--হেমন্তৰ দেউতাকে উমাৰামৰ ওচৰত মাটি বন্ধকী থৈছিল। সেই মাটিত কাৰখানা খুলিবলৈ উমাৰামে চহৰৰ এজন চহকী মানুহ নিৰ্মল হাজৰিকাক টানি ধৰে।  হাজৰিকা মান্তি হয়, বিপৰীতে হাজৰিকাৰ পুত্ৰ পঙ্কজ আৰু জীয়েক অৰ্পণা ঠিয় হয়। পঙ্কজ হেমন্তৰ পুৰণি বন্ধু। অৰ্পণাৰ হেমন্তৰ প্ৰতি মনতে মৰম ভাব আছে। হাজৰিকাই পুত্ৰ পঙ্কজক ঘৰৰ পৰা বাহিৰ কৰি দিলে। পঙ্কজ গৈ এখন ট্ৰেক্টৰ লৈ হেমন্তৰ ওচৰ পালে। 
আনহাতে জীয়েক অৰ্পণাই হাজৰিকাৰ কাৰখানা খোলাৰ বাটত বাধা হৈ ঠিয় হৈ থাকিল। আৰু এদিন হাজৰিকাই অনুভৱ কৰিলে কাৰখানা নিৰ্মাণৰ সিদ্ধান্ত শুদ্ধ নহয়। আৰু নিজৰ ভুল উপলব্ধি কৰাৰ পাছত কদমণিলৈ গ’ল, পুত্ৰৰ ওচৰলৈ। গৈ দুখৰ মুখা-মুখী হ'ল, পুত্ৰ পংকজৰ মৃত্যু দেখিলে। 
কাহীনী ৰেখাৰ শেষ বিন্দুত-- হাজৰিকাই সেউজ বিপ্লৱ্ৰৰ লক্ষ্যৰে গঠিত হেমন্ত হতৰ কৃষি সমবায় সমিতিৰ সৈতে জড়িত হ'ল।
অভিনয়, কাহিনীৰ গতি:
প্ৰতিটো চৰিত্ৰ বাস্তৱিক আভিনয়ৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ৰ লগতে কাহিনীয়ে দৰ্শকক চুব পাৰিছিল। কিন্তু কাহিনীৰ গতি মন্থৰ আছিল।
সংগীত: 
কাহিনীৰ গতিত চিনেমা খনত তিনিটা গীত ব্যৱহাৰ কৰিছে। গীত তিনিটা-- "কাকিনী তামোলৰ পাত লৰে-চৰে..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া), "এই ভালপোৱা যদি হয় ভৰা নদী..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া, দীপেন বৰুৱা), "অ’ আঘোণৰে আলফুলী বতাহচাটি..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া, দীপেন বৰুৱা, ৰমেন বৰুৱা, নীলিমা খাতুন আদি)। ৰমেন বৰুৱাৰ সুৰ ৰচনা কৰা গীত আৰু আৱহ সংগীত চিনেমা খনৰ সৌন্দৰ্য।
শেষত:
চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহিছে, শ্ৰেষ্ঠ আঞ্চলিক চিনেমা শিতানত। ১৯৭২ চনত।

|| "মুকুতা" আৰু "ললিতা" ||
ব্ৰজেন বৰুৱাৰ ক্ৰমে তৃতীয়, চতুৰ্থ পৰিচালনা-- "মুকুতা", "ললিতা"। "মুকুতা"ত অভিনয় কৰিছিল নিপন গোস্বামী, বিদ্যা ৰাও, জয়া শইকীয়া, ব্ৰজেন বৰা, কমল চৌধুৰী, সিদ্ধাৰ্থ, ৰাজীৱ গোস্বামী, মঞ্জুলা, ৰাণী পাঠক আদিয়ে। ৩০ অক্টোবৰ ১৯৭০ -ত চিনেমা খন চিত্ৰগৃহলৈ আহিছিল। স্থানীয় বজাৰত চিনেমা খনৰ ফলা-ফল: ছুপাৰ হিট। চিনেমা খন চোৱা নাই। চিনেমা খনৰ প্ৰসংগত কথা পাতিছিলো অভিনেতা ৰাজীৱ গোস্বামীৰ সৈতে। চিনেমা খনত অভিনয় কৰা সময়ত অভিনেতা গৰাকীৰ বয়স আছিল ৭ বছৰ। "বেলতলাত চিত্ৰগ্ৰহণ হৈছিল, প্ৰায় এমাহ ধৰি। বেলতলা তেতিয়া সেউজ আছিল, খেতি পথাৰ আছিল। চিত্ৰগ্ৰহণৰ দিন কেইটাত দুপৰীয়াৰ আহাৰত ভাতৰ সলনি সিজোৱা কনী, আলু, কল খাবলৈ দিছিল। ব্ৰজেন বৰুৱাই আমাক মৰমেৰে অভিনয় কৰোৱাইছিল।" --ৰাজীৱ গোস্বামীয়ে কৈছিল। অভিনেতা গৰাকীয়ে ৰূপালী গল্পটোৰ ধাৰণা দিছিল। ফ্লেচবেকত কাহিনীয়ে গতি লয়। নামভূমিকাত অভিনয় কৰে --তেতিয়াৰ কিশোৰ শিল্পী সিদ্ধাৰ্থ আৰু নিপন গোস্বামীয়ে। মুকুতাৰ (সিদ্ধাৰ্থ) আপোন বুলিবলৈ একমাত্ৰ ককাকহে আছিল। ককাকৰো এদিন মৃত্যু হয়। অসহায় মুকুতাই এখন ঘৰৰ মৰম পায়, যি খন ঘৰত মাক-দেউতাকৰ সৈতে দুই কিশোৰ ভাই-ভনী থাকে (চৰিত্ৰ দুটাত অভিনয় কৰিছিল ৰাজীৱ গোস্বামী আৰু মঞ্জুলাই।) ঘৰখনত থাকিয়ে মুকুতা ডাঙৰ মানুহ হয়। 
ৰূপালী গল্পটোৰ কাহিনীক গতি দিয়ে মুকুতাৰ সুখ-দুখক কেন্দ্ৰ কৰি। কাহিনীৰ লগতে দৰ্শকে ভাল পোৱা আন এটা দিশ আছিল সংগীত। সংগীত কৰিছিল ৰমেন বৰুৱাই। সেই সময়ত জনপ্ৰিয় হৈছিল, পাছতো জনপ্ৰিয় চিনেমা খনৰ এই কেইটা গীত-- "অ' প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা..." (পৰম্পৰাগত লোকগীত, যিটো ব্ৰজেন বৰুৱাই নিজৰ মাতৃৰ মুখত শুনিছিল। কণ্ঠ: অনিমা চৌধুৰী), "এখন নেদেখা নদীৰ..." (কথা: নবকান্ত বৰুৱা; কণ্ঠ:  দ্বিপেন বৰুৱা), "কোনে আজি আবেলি... (কথা: নবকান্ত বৰুৱা; কণ্ঠ: দ্বিপেন বৰুৱা, অনিমা চৌধুৰী, ভান্তি বৰুৱা আৰু ৰিণিকি বৰুৱা)। চিনেমা খনৰ চিত্ৰগ্ৰহণ সুজিৎ সিংহৰ।
আন খন চিনেমা "ললিতা" চাইছিলোঁ যদিও মনলৈ আনিব পৰা নাই। ইমান খিনিয়ে মনলৈ আহিছে-- ৰূপালী গল্পটোৰ গতি মন্থৰ আছিল। মূল চৰিত্ৰটোত অভিনয় কৰিছিল পূৰ্ণিমা পাঠকে (শইকীয়া)। কাহিনীটো সংগ্ৰহ কৰিলোঁ-- "আঁহতগুৰি গাঁৱত ললিতাই (পূৰ্ণিমা পাঠক) ৰাজেন চৌধুৰীক (তিলমিজুৰ ৰহমান) লগ পাইছিল, শিৱসাগৰৰ সমাজকৰ্মী গৰাকীৰ সৈতে চিনাকি হৈছিল। প্ৰলোভনত ভোল গৈ ললিতাই চৌধুৰীৰ ওচৰত সৰ্বস্ব সমৰ্পন কৰিলে, বিয়া কৰাব বুলি। দিন গ'ল। চৌধুৰীয়ে ললিতাক আদৰি নললে। তাই গুৱাহাটী পালে। তাই অনুভৱ কৰিলে-- তাই বিপদত। ঘটনাক্ৰমে তাই গৈ উপস্থিত হ’ল সমাজৰ সকলোৱে বেয়া মানুহ বুলি ভবা আফজল আলীৰ (ব্ৰজেন বৰুৱা) ঘৰত। আফজলে ভনীয়েকে তাইক আশ্ৰয় দিলে, নতুন নাম দিলে-- মৃণালিনী। তাই এটি কন্যা সন্তানৰ মাতৃ হ'ল। নাম ৰাখিলে-- চন্দনা (জয়া শইকীয়া)। 
ঊনৈশ বছৰ পাৰ হয়। ৰাজেন চৌধুৰী গুৱাহাটীত বাসিন্দা হয়, পৰিচয়-- সমাজৰ বিশিষ্ট ব্যাক্তি। লগত থাকে জীয়েক ইলা (কৃষ্ণা দাস)। এসময়ত লগলাগি চৰকাৰী ধন আত্মসাৎ কৰা, পাছলৈ উদ্যোগপতিৰ পৰিচয় লোৱা বন্ধু ত্ৰিলোচন কাকতিক লগ পালে চৌধুৰীয়ে। তেওঁৰ দুই পুত্ৰ-- ৰাজীৱ (ঈশান হাজৰিকা) আৰু সঞ্জীৱ (বিজু ফুকন)। ৰাজীৱে চৌধুৰীৰ ছোৱালী ইলাৰ সৈতে বিয়া পাতিলে। আনহাতে সঞ্জীৱৰ সৈতে চন্দনাৰ চিনাকি হয়। ঘটনাক্ৰমে সঞ্জীৱে জানিব পাৰিলে চন্দনা ৰাজীৱ চৌধুৰীৰে অবৈধ জীয়ৰী। দুখন পুৰণি চিঠি সঞ্জীৱৰ হাতত পৰে, চিঠি প্ৰকাশ পালে চৌধুৰীৰ সামাজিক প্ৰতিষ্ঠা ধূলিসাৎ হৈ পৰিব। নিজক বচাবলৈ চৌধুৰীয়ে সঞ্জীৱৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। শেষত মিলন।" (সাংবাদিক, লেখক পবিত্ৰ কুমাৰ ডেকাৰ সৌজন্যত প্ৰাপ্ত "বুকলেট" খনত ইমানলৈয়ে কাহিনীভাগ আছে।)
চিনেমা খনৰ গীত জনপ্ৰিয় হৈছিল। গীত-- "এইখন সমাজ আমাৰ সমাজ..." (কথা: ব্ৰজেন বৰুৱা, কণ্ঠ: দ্বীপেন বৰুৱা), "টুপ টুপ টুপলি পানী পালে মুকলি..."
(কথা: কেশৱ মহন্ত, কণ্ঠ: দ্বীপেন বৰুৱা), "আৰুনো কিমান মনৰ সপোন মনতে সাজিম..." (কথা: কেশৱ মহন্ত, কণ্ঠ: অৰ্চনা দাস), "আঁকিলা মোৰ পদূলিত সাত বৰণৰ আল্পনা..."  (কথা:ব্ৰজেন বৰুৱা, কণ্ঠ: দ্বীপেন বৰুৱা)। সংগীত ৰমেন বৰুৱাৰ। 
চিনেমা খনৰ প্ৰযোজক অপূৰ্ব চৌধুৰী, চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰাৰ, সম্পাদনা শিৱ ভট্টাচাৰ্যৰ। মুক্তি পাইছিল ১৮ ফেব্ৰুৱাৰী ১৯৭২-ত।

|| সংযোজন ||
ব্ৰজেন বৰুৱাৰ জন্ম ২৭ ফেব্ৰুৱাৰী , ১৯২৫ত । স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায় । মোৰ ধাৰণা সেই সময় চোৱাত নিশ্চয় কলকতাৰ  চহকী চিনেচিন্তা - চৰ্চাৰ স্পৰ্শ পাইছিল ! চিনেমা নিৰ্মাণ কৌশল অনুভৱৰ সুযোগ পাইছিল ! অৱশ্যে এই কথা ঠিক -- কম দিনহে ব্ৰজেন বৰুৱা কলিকতা (কলকাতা)ত আছিল । ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উভতিবলৈ বাধ্য হৈছিল । গুৱাহাটীলৈ উভতি আহি  কটন কলেজত ভৰ্তি হয় ; কিন্তু শিক্ষা শেষ নকৰি চাকৰি জীৱন আৰম্ভ কৰে । চাকৰিত মন নবহিল ! -- বহিব কেনেকৈ ! মন - মগজুত যে সৃষ্টিৰ তাগিদা !       
      --বিহদিয়া গাঁৱ (কামৰূপ জিলাৰ)ৰ চন্দ্ৰনাথ বৰুৱা। গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ। জোনপ্ৰভা তেওঁৰ পত্নীৰ নাম। চৰকাৰী চাকৰি। ইখন ঠাইৰ পৰা সিখন ঠাইলৈ বদলি হৈছিল। আৰূ এদিন গুৱাহাটীৰ লতাশিলত নিজাৰ  ঘৰ নিৰ্মাণ কৰিছিল। এই চন্দ্ৰনাথ বৰুৱা-- জোনপ্ৰভাৰে  সন্তান ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱাৰ  ভতৃ - ভগ্নী  দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা,  নৃপেন বৰুৱা, ( নিপ বৰুৱা), দ্বিবন বৰুৱা, গিৰিণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা , দ্বিপেন বৰুৱা ,পদ্মাৱতী  বৰুৱা, প্ৰতিভা বৰুৱা , ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা । সৰুৰে পৰা ভায়েক-ভনীয়েকৰ সৈতে ব্ৰজেন বৰুৱাই সংগীত চৰ্চা কৰিছিল , চৰাঘৰৰ মজিয়াত । হাৰমনিয়াম বজায় ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গাইছিল,  দ্বিবন বৰুৱাই তবলা, নিপ বৰুৱাই বাঁহী বজাইছিল। আন সকলৰ লগতে ব্ৰজেন বৰুৱাৰ মাতৃয়েও  গাইছিল। মাতৃয়ে  প্ৰায়ে গাইছিল  "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা ..."  লোকগীতটো " মুকুতা "  চিনেমা খনত ব্যৱহাৰ কৰিছিল । 
--অসমীয়া চিনেমাক চহকী কৰা ব্ৰজেন বৰুৱাৰ কায়িক মৃত্যু হৈছিল ২৮ জুন, ১৯৭২ত। (প্ৰকাশ: বিস্ময়/ ফেব্ৰুৱাৰী ২০২৬)

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন