বৃহস্পতিবার, ২৫ জুন, ২০২৬

চিনেমাৰ বজাৰ | ১




চিনেমাৰ ইতিহাসত শিল্প আৰু বাণিজ্য-- দুয়োটা ধাৰা সদায় সমান্তৰালভাৱে আগবাঢ়িছে। এটা সময়ত কোনো চিনেমাৰ সফলতা নিৰ্ণয় কৰা হৈছিল স্থানীয় দৰ্শকৰ সঁহাৰি বা জাতীয় বজাৰত লাভ কৰা আয়ৰ ভিত্তিত। কিন্তু একবিংশ শতিকাৰ বিশ্বায়িত যোগাযোগ ব্যৱস্থা, ডিজিটেল প্ৰচাৰ মাধ্যম আৰু বহুজাতিক বিতৰণ নেটৱৰ্কে চিনেমাৰ বজাৰ সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। এতিয়া এখন চিনেমাৰ সফলতা কেৱল এখন দেশৰ দৰ্শকে নিৰ্ধাৰণ নকৰে; বিশ্বজোৰা দৰ্শকৰ সম্মিলিত সঁহাৰিয়েই নিৰ্ধাৰণ কৰে তাৰ ব্যৱসায়িক ভাগ্য।

সেই দৃষ্টিৰে চালে বিশ্ব বক্স-অফিচ হৈছে আধুনিক যুগৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক সূচক। কোনখন চিনেমাই বিশ্বজুৰি সৰ্বাধিক আয় কৰিছে, কোনে নতুন অভিলেখ গঢ়িছে, কোন খনে ভাষা আৰু সংস্কৃতিৰ সীমা অতিক্ৰম কৰি বিশ্বজনীন আবেদন সৃষ্টি কৰিছে-- এই সকলোবোৰ তথ্যৰ সমষ্টিয়েই বিশ্ব বক্স-অফিচৰ ইতিহাস।

২০২৬ চনৰ মে' মাহৰ শেষলৈকে বিশ্ব বক্স-অফিচত শীৰ্ষস্থানত আছে "দ্য ছুপাৰ মাৰিও গেলক্সি মুভি"।

ভিডিঅ' গেম-ভিত্তিক এই চিনেমা খনে মুক্তিৰ পাছতেই বিশ্বজুৰি বিপুল জনপ্ৰিয়তা লাভ কৰি বছৰৰ সৰ্বাধিক আয়ৰ মৰ্যাদা লাভ কৰিছে। চিনেমা খনৰ সফলতাই এটা নতুন বাস্তৱতা স্পষ্ট কৰিছে-- সমসাময়িক বিশ্ব দৰ্শকৰ মাজত "গেমিং সংস্কৃতি" আৰু "চলচ্চিত্ৰ সংস্কৃতি"ৰ মাজৰ ব্যৱধান ক্ৰমাৎ ক্ষীণ হৈ আহিছে। আজিৰ কিশোৰ-যুৱ প্ৰজন্মৰ বাবে চিনেমাৰ চৰিত্ৰ আৰু ভিডিঅ' গেমৰ চৰিত্ৰ বহু ক্ষেত্ৰত একেই সাংস্কৃতিক অভিজ্ঞতাৰ অংশ।

অৱশ্যে বছৰৰ শীৰ্ষস্থান অধিকাৰ কৰা আৰু সৰ্বকালৰ ইতিহাসত শীৰ্ষস্থান অধিকাৰ কৰা-- এই দুয়োটা একে কথা নহয়। বিশ্ব বক্স-অফিচৰ ইতিহাসত এতিয়াও অদম্য ভাৱে শীৰ্ষস্থানত আছে জেমছ কেমেৰনৰ "অৱতাৰ"।

২০০৯ চনত মুক্তিপ্ৰাপ্ত এই চিনেমা খনে বিশ্বজুৰি প্ৰায় ২.৯২ বিলিয়ন ডলাৰৰ আয় কৰি আজিও সৰ্বাধিক ব্যৱসায়িক সফল চলচ্চিত্ৰৰ অভিলেখ নিজৰ দখলত ৰাখিছে।

"অৱতাৰ"ৰ সফলতা কেৱল আয়ৰ পৰিসংখ্যাৰে ব্যাখ্যা কৰা সম্ভৱ নহয়। এয়া আছিল এক সাংস্কৃতিক ঘটনা। পাণ্ডোৰা নামৰ কাল্পনিক গ্ৰহ, অত্যাধুনিক ত্ৰিমাত্ৰিক প্ৰযুক্তি, বিস্ময়কৰ দৃশ্য-নান্দনিকতা আৰু পৰিবেশ-সচেতন "গল্প"-- এই সকলো বোৰ মিলি  এক বিশ্বজনীন অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিছিল। বহু সমালোচকৰ মতে, "অৱতাৰ"-এ দৰ্শকক কেৱল এখন চিনেমা চোৱাৰ অভিজ্ঞতা দিয়া নাছিল;  নতুন জগতত প্ৰৱেশ কৰাৰ অনুভূতি প্ৰদান কৰিছিল।

বিশ্ব বক্স-অফিচৰ তালিকা খন লক্ষ্য কৰিলে আৰু এটা গুৰুত্বপূৰ্ণ দিশ স্পষ্ট হয়। শীৰ্ষস্থানীয় অধিকাংশ চিনেমাই বৃহৎ ফ্ৰেঞ্চাইজৰ অংশ। "আৱতাৰ", "এভেঞ্জাৰ্চ", "ষ্টাৰ ৱাৰ্চ", "স্পাইডাৰ-মেন', "জুৰাচিক ৱৰ্ল্ড" আদি চিনে-মালাই বিশ্ব বজাৰত এক ধৰণৰ সাংস্কৃতিক সাম্ৰাজ্য গঢ়ি তুলিছে। দৰ্শকে কেৱল এখন চিনেমা চাবলৈ নাযায়;  এক পৰিচিত বিশ্ব, পৰিচিত চৰিত্ৰ আৰু পৰিচিত অনুভৱৰ ওচৰলৈ উভতি যায়। এই ধাৰাবাহিক সম্পৰ্কই ফ্ৰেঞ্চাইজ চিনেমা সমূহক বিশ্ব বক্স-অফিচৰ শক্তিশালী চালিকা শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে।

ইয়াৰ সমান্তৰালভাৱে চীন, দক্ষিণ কোৰিয়া, ভাৰত আদি এছীয় দেশসমূহৰ বজাৰো বিশ্ব বক্স-অফিচৰ এক গুৰুত্বপূৰ্ণ নিৰ্ণায়ক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। এসময়ত হলিউড-কেন্দ্ৰিক বুলি বিবেচিত বিশ্ব চিনেমা বজাৰ আজিৰ দিনত অধিক বহুমাত্ৰিক আৰু বহুকেন্দ্ৰিক। বিশেষকৈ চীনা বজাৰত লাভ কৰা সাফল্য বহু ছবিৰ বাবে বিশ্ব বক্স-অফিচত শীৰ্ষস্থান লাভৰ অন্যতম শর্ত হৈ পৰিছে।

কিন্তু ইয়াত এটা প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক-- বক্স-অফিচৰ আয়েইনে এখন চিনেমাৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰে নে?

উত্তৰটো নিশ্চয় নেতিবাচক। ইতিহাসত বহু "মহান চিনেমা" আছে যিবোৰে বিপুল ব্যৱসায়িক সফলতা লাভ কৰা নাছিল, কিন্তু শিল্পমূল্য, চিন্তাশীলতা আৰু নান্দনিক উদ্ভাৱনৰ ক্ষেত্ৰত অনন্য অৱদান আগবঢ়াইছে। আনহাতে বহু বক্স-অফিচ সফল চিনেমাও সময়ৰ সোঁতত বিস্মৃত হৈ পৰিছে। সেই অৰ্থত বক্স-অফিচ এখন চিনেমাৰ জনপ্ৰিয়তাৰ পৰিমাপক হ'ব পাৰে, কিন্তু শিল্পমূল্যৰ চূড়ান্ত বিচাৰক নহয়।

তথাপি বিশ্ব বক্স-অফিচৰ ইতিহাস অধ্যয়ন কৰিলে আধুনিক সমাজৰ সাংস্কৃতিক মনস্তত্ত্ব বুজিবলৈ সুবিধা হয়। কোন ধৰণৰ কাহিনী মানুহে ভাল পাইছে, কোন ধৰণৰ চৰিত্ৰৰ সৈতে আত্মীয়তা অনুভৱ কৰিছে, কোন ধৰণৰ স্বপ্ন আৰু কল্পনাই বিশ্বজোৰা দৰ্শকক একত্ৰিত কৰিছে-- বক্স-অফিচৰ সংখ্যাবোৰে সেই সামাজিক-সাংস্কৃতিক প্ৰৱণতাৰো ইংগিত বহন কৰে।

ক'ব পাৰি-- বিশ্ব বক্স-অফিচৰ আলোচনা কেৱল আয়-ব্যয়ৰ পৰিসংখ্যাৰ আলোচনা নহয়।  আধুনিক বিশ্বৰ সাংস্কৃতিক ৰুচি, গণমাধ্যমৰ শক্তি আৰু বিশ্বজনীন কল্পনাৰো এক ইতিহাস। বৰ্তমানৰ সময়ত "দ্য ছুপাৰ মাৰিও গেলক্সি মুভি" যদি জনপ্ৰিয়তাৰ নতুন অভিব্যক্তি হয়, তেন্তে "অৱতাৰ" আধুনিক চিনে-সভ্যতাৰ এক স্থায়ী মাইলৰ খুঁটি।

 


কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন